Malala Yousafzai : জনজীৱন পৰা নাৰীক মচি পেলাইছে তালিবানে, হিজাব-ফতোৱা সম্পৰ্কত প্রতিক্রিয়া মালালাৰ

140508085148 malala file

আফগানিস্তানৰ নাৰীৰ অৱস্থাক লৈ উদ্বেগ প্রকাশ কৰিছে নোবেলজয়ী মালালা ইউছুফজাইয়ে । সম্প্রতি আফগানিস্তানত মহিলাসকলৰ বাবে হিজাব বাধ্যতামূলক কৰাৰ ফতোৱা জাৰি কৰিছে তালিবানে ।

মালালাই টুইটত উদ্বেগ প্রকাশ কৰি লিখিছে, ‘তালিবানে আফগানিস্তানৰ জনজীৱনৰ পৰা মহিলাসকলক সম্পূর্ণভাৱে মচি দিব বিচাৰিছে । সেয়ে মহিলাসকলক কামৰ পৰা আৰম্ভ কৰি বিদ্যালয়ৰ পৰা বাহিৰত ৰখাৰ ঘোষণা কৰা হৈছে । পুৰুষ সংগী অবিহনে মহিলাসকলে বাহিৰত ভ্রমণ কৰিব নোৱাৰিব ফতোৱাও একেই ইংগিতবাহী । সেই তালিকাত নৱতম সংযোজন, মহিলাসকলৰ হিজাব বাধ্যতামূলক কৰাৰ নির্দেশ ।

বিশ্বৰ নেতাসকলক নোবেলজয়ীৰ আবেদন, আফগান মহিলাসকলৰ মানৱাধিকাৰ লংঘনত তালিবানক দোষী সাব্যস্ত কৰি যথোপযুক্ত ব্যৱস্থা ল’বৰ বাবে মিলিতভাৱে পদক্ষেপ লোৱা উচিত । তেওঁ লিখিছে, ‘তালিবানে এটাৰ পাছত এটা প্রতিশ্রুতি ভংগ কৰি আহিছে, এনে পৰিস্থিতিত আফগান মহিলাসকলৰ পক্ষ লৈ সৰৱ হ’বলৈ আমি যেন দ্বিধাগ্রস্ত নহ‌ওঁ । এতিয়াও, মানৱাধিকাৰ আৰু সম্ভ্রমৰ দাবীত মহিলাসকলে পথত নামিছে । এই যুঁজত আমিও তেওঁলোকৰ কাষত থিয় দিয়া উচিত ।’ মালালাই বিশেষকৈ মুছলিম ৰাষ্ট্ৰসমূহক আফগান মহিলাসকলৰ যুঁজত সহযোগ কৰাৰ আবেদন জনাইছে ।

অৱশ্যে কেৱল মালালাই নহয়, ইয়াৰ পূৰ্বে ৰাষ্ট্ৰসংঘৰ মহাসচিব এন্তোনিঅ’ গুয়েটৰেজেও তালিবানৰ সাম্প্রতিক হিজাব-ফতোৱাক লৈ উদ্বেগ প্রকাশ কৰিছিল । এইবাৰ বিশ্বৰ নেতাসকলক আফগান মহিলাসকলৰ স্বাধীনতা অক্ষুণ্ণ ৰখাৰ আবেদন জনালে মালালাই ।

মুকলি বতাহ আহিব দিয়াৰ প্রতিশ্রুতিৰে কাবুল দখলৰ পাছৰ পৰা ক্রমশ তালিবানে পুনৰ তেওঁলোকৰ পুৰণি পথেই অৱলম্বন কৰিছে । তাৰেই অন্যতম হ’ল, মহিলাসকলৰ হিজাব পৰিধান বাধ্যতামূলক কৰাৰ সাম্প্রতিক ঘোষণা ।

Exit mobile version