Polyamorous Relationship : বহুগামী সম্পৰ্কত একে ঘৰতে বাস দুই দম্পতীৰ, কোন সন্তানৰ পিতৃ কোন,নাজানে নিজে!

1652183744 new project 2022 05 10t172524 017

সামাজিক মাধ্যমত দুই কইনাৰ আলাপ ।ক্রমে , দুয়োগৰাকীৰ পৰিচয় হয় পৰস্পৰৰ স্বামীৰ স’তে। অলপ সময়ৰ ভিতৰতে দুই দম্পতীৰ মাজত বন্ধুত্ব অধিক গাঢ় হৈ উঠে ।

কিন্তু কেইদিনমানৰ যোৱাৰ পাছত, তেওঁলোকে উপলব্ধি কৰে যে সম্পৰ্কটো এতিয়া বন্ধুত্বতে সীমাবদ্ধ নহয়। অৱশেষত, দুই দম্পতীয়ে একেটা ঘৰতে থাকিবলৈ সিদ্ধান্ত লয়। তেতিয়াৰ পৰা, চাৰিজন লোক একেখন ছাদৰ তলতে বাস কৰে।

দুয়োগৰাকী কইনাই ইজনে সিজনৰ স্বামীৰ স’তেও লিপ্ত হৈছে শাৰীৰিক সম্পৰ্কত । দুয়োগৰাকী মাতৃ হয়। কিন্তু কোন সন্তানৰ পিতৃ কোন তাক লৈ নিশ্চিত নহয় চাৰিজন !

আমেৰিকাৰ অৰেগন প্ৰদেশৰ ঘটনা।দুই কইনা তায়া হাৰ্টলেছ আৰু এলিচিয়া ৰজাৰ্ছ আৰু তেওঁলোকৰ স্বামী ছিন আৰু টাইলাৰে নিজেই মুকলিকৈ জনাইছে গোটেই বিষয়টো ।

অৱশ্যে, কোনেও ল’ৰা-ছোৱালীৰ পিতৃ-মাতৃৰ পৰিচয়কলৈ অত্যাধিক চিন্তিত নহয়। ২৭ বছৰীয়া তায়াই জনাইছে, তেওঁলোক প্ৰকৃততে এটা ডাঙৰ পৰিয়াল পিতৃ-মাতৃ হিচাপে, তেওঁলোকে একে সময়তে সকলো দায়িত্ব পালন কৰিব।

দুয়ো দম্পতীয়ে জনাইছে, প্ৰথমতে কিছু সংকোচ থাকিলেও, মনৰ কথা লুকুৱাই ৰখা কাৰো বাবে সম্ভৱ নাছিল । অৱশেষত তেওঁলোকে ২০২০ চনৰ আৰম্ভণিতে একেলগে থাকিবলৈ আৰম্ভ কৰে।

এই সম্পৰ্কৰ আগতেও অৱশ্যে দুই দম্পতীৰ সন্তান আছিল। কিন্তু একেলগে থকাৰ পাছত, পুনৰ এবাৰ মাতৃ হ’বলৈ ইচ্ছা কৰে দুয়ো গৰাকী কইনাই । দম্পতীহালে কয় যে তেওঁলোকৰ প্ৰথম দুটা সন্তানে এতিয়া গৌৰৱ কৰে যে তেওঁলোকৰ এজন নহয় দুজন পিতৃ-মাতৃ আছে।

Exit mobile version