Sanitizer : পানীৰ পৰিৱৰ্তে শিক্ষাৰ্থীসকলক খাবলৈ দিয়া হ’ল ছেনিটাইজাৰ ! অসুস্থ একাধিক

1652161392 japan

পানী ভাবি ছেনিটাইজাৰ খাই অসুস্থ হ’ল কে’বাজনো শিক্ষাৰ্থী । ঘটনাটো সংঘটিত হৈছে জাপানৰ ইয়ামনশিৰ এখন বিদ্যালয়ত ।

আৰক্ষী সূত্রে খবৰ, এই বিদ্যালয়ত পাঁচ হেজাৰ মিটাৰ খোজকঢ়া প্রতিযোগিতাৰ আয়োজন কৰা হৈছিল । তাত অংশ লৈছিল বহু শিক্ষাৰ্থী । প্রতিযোগিতাৰ বাবে যি পথত তেওঁলোকক খোজকঢ়াৰ ব্যৱস্থা কৰা হৈছিল, তাৰ পৰা কিছু দূৰত্বত প্রতিযোগীসকলৰ বাবে পানীৰ ব্যৱস্থা কৰিছিল বিদ্যালয় কর্তৃপক্ষ‌ই ।

কিন্তু পানীৰ সেই কাউন্টাৰবোৰৰ ভিতৰত এটাত পানীৰ পৰিৱৰ্তে ছেনিটাইজাৰ ৰাখি দিয়া হয় কাপত । সেইখিনি পানী বুলি ভাবি সেৱন কৰে কে’বাজনো শিক্ষাৰ্থীয়ে । ছেনিটাইজাৰ খোৱাৰ পাছতেই খোজকাঢ়ি থাকোঁতে অসুস্থ অনুভৱ কৰে শিক্ষাৰ্থীসকলে । বমিও কৰে তেওঁলোকে । দ্রুত তেওঁলোকক উদ্ধাৰ কৰি হাস্পাতালত নিয়াত চিকিৎসকসকলে জনায়, শিক্ষাৰ্থীসকলে পানী ভাবি ছেনিটাইজাৰ খাইছে ।

ইয়াৰ পাছতেই বিষয়টোক লৈ হুলস্থূল হয় । কেনেদৰে পানীৰ পৰিৱৰ্তে ছেনিটাইজাৰ ৰখা হ’ল সেই সন্দৰ্ভত তদন্তৰ নির্দেশ দিছে ইয়ামনশিৰ গভর্নৰ কোতাৰো নাগাছাকিয়ে ।

Exit mobile version