এবছৰতো মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্বশৰ্মাৰ কৃপাদৃষ্টি নপৰিল টিংখাঙৰ পিঠাপথাৰ-কাকোৱনীত

জাৰজীৰ্ণ ঢলং পলং বাঁহৰ দলঙে এতিয়া শেষ ভৰষা যাতায়তৰ

মুখ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰখনৰ এবছৰীয়া কাৰ্যকালৰ অন্তত উন্নয়নৰ ফোপোলাচৰূপ দেখিবলৈ পোৱা গৈছে ১১৯ নম্বৰ টিংখাং বিধান সভা সমষ্টিত ।

মুখ্যমন্ত্ৰী শৰ্মাৰ এবছৰীয়া কাৰ্যকালতো টিংখাঙৰ পিঠাপথাৰ আৰু কাকোৱনী গাঁৱত কৃপাদৃষ্টি নপৰাতো চৰম দুৰ্ভাগ্যজনক আখ্যা দিছে গাঁওৰ ৰাইজে ।

বৰ্তমানেও গাঁওদুখনৰ ৰাইজে জৰাজীৰ্ণ বাঁহৰ দলঙেৰে যতায়ত কৰিবলগীয়া হোৱাতো চৰকাৰখনৰ বাবে নিশ্চয়কৈ লজ্জিত বিষয় ।
গাঁও দুখনৰ যাতায়তৰ এক মাত্ৰ সংযোগী বাঁহৰ দলংখন সম্প্ৰতি অতিশয় জৰাজীৰ্ণ হৈ পৰিছে ।

ঢলং পলং বাঁহৰ দলঙে এতিয়া যাতায়াতৰ শেষ ভৰষা গাৱবাসীৰ । মৰনকো হৰন কৰি অতি বিপদসংকুলভাচে যাতায়ত কৰিবলগীয়া হয় ইয়াৰ ৰাইজে । সমষ্টিটোৰ ৰাজগড় পঞ্চায়তৰ অন্তৰ্গত পিঠাপথাৰ আৰু কাকোৱনী গাঁও সংযোগী জৰাজীৰ্ণ দলংখনৰ বাবে দীৰ্ঘদিনে জীয়াতু ভোগী আহিছে অঞ্চলটোৰ ৰাইজে ।

বহুবাৰ দলংখন পকীকৰণৰ বাবে আবেদন নিবেদন কৰিও ভাগৰি পৰিছে গাঁওবাসী । উল্লেখযোগ্য যে দিৰৈ নৈৰ ওপৰত অৱস্থিত ভগ্ন বাঁহৰ দলঙৰ ওপৰেদি ছাত্ৰ- ছাত্ৰী সকলে অতি বিপদসংকূল ভাৱে বিভিন্ন বিদ্যালয়লৈ-কলেজলৈ অহা-যোৱা কৰিব লগা হয় ।

আনহাতে বিধ্বস্ত দলংখনৰ বাবেই গাঁওখনলৈ সোমাব নোৱাৰে চাৰিচকীয়া গাড়ী , নাহে এম্বুলেঞ্চ । ফলত ৰোগী অথবা প্ৰসূতি সকলে বছৰ-বছৰ ধৰি যমৰ যান্তনা ভোগ কৰি আহিছে। ৰাইজে প্ৰতি বছৰে গাঁঠিৰ ধন ভাঙি মেৰামতি কৰিব লগা হয় বা‍ঁহৰ দলংখন।

উল্লেখযোগ্য যে পূৰ্বৰ কংগ্ৰেছ চৰকাৰ, সৰ্বানন্দ সোনোৱালৰ চৰকাৰ আৰু ড° হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ এবছৰীয়া কাৰ্যকালটো কিয় উক্ত গাঁওবাসীয়ে এখন পকী স্থায়ী দলংৰ ক্ষেত্ৰত সুফল লাভ নকৰিলে বুলি প্ৰতিজনৰ মনত প্ৰশ্ন উত্থাপন হৈছে ।

এনে পৰিপ্ৰেক্ষিতত অতি শীঘ্ৰে এখন স্থায়ী দলং নিৰ্মাণ কৰি ৰাইজৰ দুখ – দুৰ্দশাৰ অন্ত পেলাবৰ বাবে স্থানীয় বিধায়ক তথা মন্ত্ৰী বিমল বৰাৰ ওচৰত দাবী জনাইছে স্থানীয় বাসিন্দাসকলে ।

Exit mobile version