বিশ্ববিদ্যালয় অনুদান আয়ােগ (ইউ জি চি)-এ দেশৰ উচ্চ শিক্ষানুষ্ঠানসমূহৰ শিক্ষার্থীক এম ফিল আৰু পি এইচ ডি পাঠ্যক্ৰমৰ গৱেষণাপত্র (থেছিছ) জমা দিয়াৰ বাবে অতিৰিক্ত ছমাহ সময় প্রদান কৰিলে।
ADVERTISEMENT
কৰ’না মহামাৰীৰ কাৰণত হােৱা শিক্ষার্থীৰ ক্ষতিৰ প্রতি লক্ষ্য ৰাখি ইউ জি চিয়ে এই সিদ্ধান্ত গ্রহণ কৰিলে। ইউ জি চিৰ মুৰব্বী অধ্যাপক এম জগদীশ কুমাৰে মঙলবাৰে টুইটাৰত আয়ােগৰ এই সিদ্ধান্তৰ কথা ঘােষণা কৰিছে।
ইউ জি চিয়ে পূর্বে এম ফিল আৰু পি এইচ ডি পাঠ্যক্ৰমৰ গৱেষণাপত্র জমা দিয়াৰ অন্তিম দিন ৩০ জুন ২০২২ নির্ধাৰণ কৰিছিল। ইউ জি চিৰ নতুন সিদ্ধান্তৰ ফলত এম ফিল-পি এইচ ডি পাঠ্যক্ৰমৰ শিক্ষার্থীয়ে গৱেষণাপত্র জমা দিয়াৰ বাবে ৩০ জুনৰ পৰা পুনৰ ছমাহ সময় লাভ কৰিব।