অত্যাৱশ্যকীয় সামগ্ৰী, খাদ্য সামগ্ৰী, পেট্ৰ’ল, ডিজেল, ৰন্ধন গেছ মূল্যবৃদ্ধিৰ প্ৰতিবাদত বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে সৰ্ব ভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চাই।
প্ৰতিবাদকাৰীসকলে মূল্য বৃদ্ধি ৰোধ কৰক, পেট্ৰ’ল ডিজেলৰ মূল্য বৃদ্ধিহ্ৰাস কৰক , বজাৰ নিয়ন্ত্ৰণ কৰিব নোৱাৰা অসম চৰকাৰ ‘গ’বেক ,দুখীয়াৰ শত্ৰু বিজেপি চৰকাৰ মূর্দাবাদ ,আদি শ্লোগানৰে উত্তোল কৰি তোলে ।