Bill Gates : ক’ভিডত আক্ৰান্ত বিল গেটছ

20211116171140 6194341f28de14947131a8b9jpeg

ক’ভিডত আক্ৰান্ত মাইক্ৰছফ্টৱেৰ সহ-প্ৰতিষ্ঠাপক বিল গেটছ । তেওঁ নিজেই এই কথা জনাই।

ক’ভিডত আক্ৰান্ত হোৱাৰ এই খবৰ নিজে মঙলবাৰে টুইটাৰত পোষ্ট কৰে বিল গেটছে । এক টুইটাৰ পোষ্টত তেওঁ কয়, “মোৰ কৰ’না চিনাক্ত কৰা হৈছে। মই মৃদু লক্ষণ অনুভৱ কৰি আছোঁ। বিশেষজ্ঞসকলৰ পৰামৰ্শ অনুসৰণ কৰি, মই আৰোগ্য নোহোৱালৈকে আইচুলেচনত আছোঁ। লগতে তেওঁ জনাই যে,তেওঁ ভাৰ্চুৱেলি এভেলেবেল’থাকিল ।

আন এটা টুইটাৰ পোষ্টত, তেঁও লিখিছিল যে তেওঁ সৌভাগ্যৱান কাৰণ তেওঁ টিকাকৰণ কৰিছে লগতে বুষ্টাৰ পালিও গ্ৰহণ কৰিছে। আৰু পৰীক্ষাবোৰৰ লগতে, তেওঁ প্ৰয়োজনীয় চিকিৎসা সেৱা প্ৰাপ্ত কৰাৰ সুযোগও পাইছিল

আমেৰিকাত কৰ’না সংক্ৰমণ অব্যাহত আছে। দেশত সম্প্ৰতি কেবাজনো গুৰুত্বপূৰ্ণ লোক কৰ’নাত আক্ৰান্ত হৈছে। তেওঁলোকৰ ভিতৰত আছে আমেৰিকাৰ উপ ৰাষ্ট্ৰপতি কমলা হেৰিছ আৰু বিদেশ সচিব এণ্টনি ব্লিঙ্কেন।

কৰ’না মহামাৰীৰ মোকাবিলাত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে বিলে । তেওঁ বিশেষকৈ দৰিদ্ৰ দেশসমূহলৈ ভেকছিন আৰু ঔষধ প্ৰদান কৰাৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা পালন কৰিছে।

Exit mobile version