Russia-Ukraine War : ইউক্রেইন সীমান্তত বিশেষ সেনা প্ৰেৰণ বেলাৰুশৰ, প্ৰত্যক্ষ সংঘাতক লৈ জল্পনা বিশ্বজুৰি

1650361364 ukraine army

কিয়েভ-মস্কো সংঘাতৰ পৰিস্থিতিতে ইউক্রেইনৰ বিৰুদ্ধে প্ৰত্যক্ষ যুদ্ধত নামিব পাৰে বেলাৰুশ ! এনে জল্পনাৰ কথাই জানিব পৰা গৈছে সূত্র অনুযায়ী । ইউক্রেইনত প্ৰত্যক্ষ আঘাত হানাৰ উদ্দেশ্যে বেলাৰুশৰ তৰফৰ পৰা ইউক্রেইন সীমান্তত বিশেষ সশস্ত্র বাহিনী প্ৰেৰণ কৰা হৈছে বুলিও সেই সূত্রটোৰ দাবী । প্রসংগত, ইউক্রেইনৰ ওপৰত ক্রেমলিনৰ আগ্রাসনৰ আৰম্ভণিৰ পৰাই ৰাছিয়াকে সমর্থন জনাইছে বেলাৰুশে । সেয়ে বেলাৰুশে বিশেষ সশস্ত্র বাহিনী প্ৰেৰণ কৰাত প্ৰত্যক্ষ সংঘাতৰ জল্পনা আৰু বাঢ়িছে ।

অৱশ্যে ইউক্রেইনৰ বিৰুদ্ধে প্ৰত্যক্ষ সংঘাতত জড়িত হোৱাৰ কথা কার্যত অস্বীকাৰ কৰিছে বেলাৰশ চৰকাৰে । বেলাৰুশৰ সশস্ত্র বাহিনীৰ প্রধান জেনেৰেল ষ্টাফ ভিক্টৰ গুলেভিচে জনাইছে, দুই দেশৰ সংঘাতৰ মাজতে আমেৰিকা আৰু নেটো দেশসমূহ ইউক্রেইনৰ সীমান্তত তেওঁলোকৰ সামৰিক বাহিনীৰ সংখ্যা বাঢ়িছে । সেয়া নিয়ন্ত্ৰণ কৰিবলৈ বেলাৰুশ চৰকাৰে ইউক্রেইন সীমান্তত বিশেষ সশস্ত্র বাহিনী মোতায়েন কৰিছে । এই পদক্ষেপ যথেষ্ট সাৱধান হ’বৰ বাবে । প্ৰত্যক্ষ আক্রমণ বা সংঘাতৰ উদ্দেশ্যে নহয় ।

মঙলবাৰে এক বিবৃতিত বেলাৰুশ প্রশাসনৰ তৰফৰ পৰা জনোৱা হৈছে, ইউক্রেইন সীমান্তৰ দক্ষিণ দিশত থকা বেলাৰুশ প্রজাতন্ত্রৰ সুলক্ষা নিশ্চিত কৰিবলৈও এই সশস্ত্র বাহিনী মোতায়েন কৰা হৈছে । বেলাৰুশ চৰকাৰৰ আৰু দাবী, ইউক্রেইন চৰকাৰে বেলাৰুশ সীমান্তৰ কাষত ২০ হেজাৰ সশস্ত্র সেনা মোতায়েন কৰিছে । তাৰ প্রতিক্রিয়া জনাবলৈয়ে উলোটাই সেনা পঠাইছে বেলাৰুশে । ইউক্রেইনৰ বিৰুদ্ধে প্ৰত্যক্ষ সংঘাতত নমাৰ তেওঁলোকৰ কোনো ইচ্ছা নাই । বেলাৰুশৰ প্রতিৰক্ষা মন্ত্রী ভিক্টৰ ক্রেনিনেও একেই মন্তব্য কৰিছে ।

Exit mobile version