ঘগ্ৰাপাৰৰ এখন ব‍্যতিক্ৰমী চৰকাৰী শিক্ষানুষ্ঠান

বে-চৰকাৰী শিক্ষানুষ্ঠানৰ পৰা ঘগ্ৰাপাৰ নিম্ব বুনিয়াদী প্ৰাথমিক বিদ্যালয় লৈ ঢাপলি মেলিছে শিক্ষাৰ্থী

1652340935510

যি সময়ত ৰাজ‍্যখনত বে-চৰকাৰী শিক্ষানুষ্ঠানৰ আগ্ৰাসনত চৰকাৰী অসমীয়া মাধ্যমৰ বিদ্যালয় ফেৰ মাৰিবলৈ সক্ষম হোৱাটো দূৰৰৈ কথা একাংশ চৰকাৰী প্ৰাথমিক বিদ্যালয় ছাত্ৰ -ছাত্ৰীৰ অভাৱ বন্ধ কৰিবলৈ বাধ্য হৈছে, ঠিক তেনে সময়তে ব‍্যক্তিগত খণ্ডৰ বিদ্যালয়ত অধ্যয়ন কৰা ছাত্ৰ -ছাত্ৰীক উঠাই আনি অভিভাৱক সমাজে সন্তানক চৰকাৰী শিক্ষানুষ্ঠানত নামভৰ্তি কৰাৰ বাবে উঠি পৰি লগা দেখা গৈছে।

তেনে এক শিক্ষানুষ্ঠান হ’ল নলবাৰী জিলাৰ ঘগ্ৰাপাৰস্থিত বড়িগোগ বনভাগ প্ৰাথমিক শিক্ষা খণ্ডৰ চৌহদতে অৱস্থিত ঘগ্ৰাপাৰ নিম্ন বুনিয়াদী প্ৰাথমিক বিদ্যালয়। উল্লেখ‍্য যে এই চৰকাৰী বিদ্যালয়খনত সন্তানক নামভৰ্তি কৰিবৰ বাবে বৃহত্তৰ ঘগ্ৰাপাৰৰ কেইখনো ব‍্যক্তিগত খণ্ডৰ নাম থকা শিক্ষানুষ্ঠানৰ পৰা নিজ সন্তানক আজি পৰ্যন্ত প্ৰায় ৪০ গৰাকী শিক্ষাৰ্থীক উঠাই আনি এই শিক্ষানুষ্ঠাখনত নামভৰ্ত্তি কৰা কাৰ্য অব্যাহত আছে বুলি জানিব পৰা গৈছে।

ইফালে নতুনকৈ ৪০ গৰাকীয়ে প্ৰথম শ্ৰেণীত নাম ভৰ্ত্তি কৰা কাৰ্য ই চৰকাৰী মাধ্যমৰ বিদ্যালয়ক কিছু হলেও সকাহ দিছে বুলি চৰ্চিত হৈছে।এই ক্ষেত্ৰত বিদ্যালয়খনৰ প্ৰধান শিক্ষক স্বপন চক্ৰৱৰ্তীয়ে কয় যে বিগত ২০২১ বৰ্ষত এই-চৰকাৰী শিক্ষানুষ্ঠানত ২০২ গৰাকী ছাত্ৰ -ছাত্ৰী আছিল।

এইবেলি ইতিমধ্যে ৪০ গৰাকীৰো অধিক ছাত্ৰ -ছাত্ৰী নামভৰ্তি কৰিছে আৰু চলিত বৰ্ষত ২১৫ ৰো অধিক ছাত্ৰ ছাত্ৰীয়ে পাঠদান কৰি আছে। প্ৰধান শিক্ষক চক্ৰৱৰ্তীয়ে ইয়াকো কয় যে সম্প্ৰতি বিদ্যালয়খনত শ্ৰেণী কোঠাৰ লগতে পাঠদান কাৰ্যত শিক্ষকৰ বাবে অসুবিধাৰ সম্মুখীন হ’ব লগীয়া নাই,,যদিহে বিদ্যালয়খনৰ চাৰিবেৰ তথা শিক্ষানুষ্ঠানখনৰ সন্মুখত থকা প্ৰকাণ্ড খালটোৱে সমস্যাত পেলোৱাই নহয় মধ্যহ্ন ভোজনৰ গৃহটো জৰাজীৰ্ণ হোৱাত নিতৌ ৰন্ধন কাৰ্যত অসুবিধাৰ সন্মুখীন হৈছে বিদ্যালয় কৰ্তৃপক্ষ।

উল্লেখ‍্য যে যি সময়ত বড়িগোগ বনভাগ শিক্ষা খন্ডৰ অন্তৰ্গত বিগত দিনত ভালেসংখ্যক প্ৰাথমিক বিদ্যালয় ছাত্ৰ -ছাত্ৰীৰ অভাৱত বন্ধ হৈ পৰাৰ সময়ত ঘগ্ৰাপাৰ নিম্ন বুনিয়াদী বিদ্যালয় যেন এক নতুন আশাৰ বতৰা। শিক্ষানুষ্ঠানখনৰ প্ৰধানশিক্ষক চক্ৰৱৰ্তীসহ সাতগৰাকী শিক্ষক -শিক্ষয়িত্ৰীৰ গুণগত শিক্ষা বিস্তাৰৰ জৰিয়তে বিদ্যালয়খনে বৃহত্তৰ অঞ্চলটোত ব‍্যতিক্ৰমী ৰূপে প্ৰতিষ্ঠা কৰিব পাৰিছে।

এই বিদ্যালয়খনতে প্ৰধানশিক্ষক চক্ৰৱৰ্তী তথা বিদ্যালয় পৰিচালনা সমিতিয়ে সম্পূৰ্ণ জৈৱিক ক্ষুদ্ৰ কৃষিপাম স্থাপন কৰি ইয়াৰ উৎপাদিত শাক -পাচলি প্ৰতিদিনে মধ্যাহ্ন ভোজনত কণ কণ ছাত্ৰ -ছাত্ৰীক খুৱাৰ চেষ্টাই নহয় এই বৰ্ষতো এই ধাৰা ৰাখিব বুলি জানিবলৈ দিয়ে।লগতে বিদ্যালয়খনৰ চৌহদত এখন বাগিচাও সুন্দৰকৈ সজাই তুলিছে। উল্লেখ‍্য যে এই বিদ্যালয়খনে স্বচ্ছতাৰ বাবে ইতিমধ্যে ৰাজি‍্যক শিক্ষক বঁটা পাবলৈ সক্ষম হোৱাৰ উপৰিও এই বেলি সমগ্ৰ শিক্ষাই বাচনি কৰা শ্ৰেষ্ঠ পৰিচালনা সমিতি বঁটাও লাভ কৰিছে।

ইফালে বিগত বৰ্ষত শিক্ষানুষ্ঠানখনৰ পৰা ১১ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে বৃত্তি পাবলৈ সক্ষম হৈছে।ইফালে এই বৰ্ষ ছাত্ৰ-ছাত্ৰীৰ হাতে লিখা জ্ঞানময় উন্মোচন হৈছে।উল্লেখ‍্য শিক্ষা খণ্ডটোৰ অন্তৰ্গত সৰ্বাধিক শিক্ষাৰ্থী থকা বিদ্যালয়খনত সম্প্ৰতি ছাত্র-ছাত্ৰী সকলো নিতৌ প্ৰাঃত প্ৰাৰ্থনা কৰাৰ ঠাইৰ অভাৱ হোৱাৰ লগতে খেল-ধেমালি কৰা বাবেও উপয়ুক্ত ঠাইৰ অভাৱ পৰিলক্ষিত হৈছে।

সেয়েহে বিদ্যালয় কৰ্তৃপক্ষই নলবাৰী সমষ্টিৰ বিধায়ক জয়ন্ত মল্ল বৰুৱাক বিদ্যালয়খনৰ চৌহদত জংগলে আৱৰি থকা প্ৰকাণ্ড পুখুৰীটো পুতি ছাত্র-ছাত্ৰীসকলক সুবিধা কৰি দিবলৈ অনুৰোধ কৰিছে।

Exit mobile version