বৰপেটা জিলাৰ শিক্ষা বিভাগৰ গাফিলতি

বৰপেটা জিলাৰ শিক্ষা বিভাগে গভীৰ নিদ্ৰাৰ পৰা সাৰ পাই চকুৰ পতা লৰাব পাৰিলে আমাৰ এই প্ৰতিবেদন এবাৰ চাব । বৰপেটা জিলাৰ মন্দিয়া শিক্ষা অন্তৰ্গত ১৩১৫ নং ছুনপুৰা বজাৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক দিপু ওঁজাই বুধবাৰে ৯-৪২ বজাত বিদ্যালয়ত আহি ছাত্ৰ-ছাত্ৰীক পাঠদানৰ পিনে পিঠি দি ওলাই যায় মধ্যাহ্ন ভোজন ৰান্ধিবৰ বাবে খৰি কিনিবলৈ । সহকাৰী শিক্ষক মানসজ্যোতি দত্তই আকৌ ৯-৪৮ বজাত বিদ্যালয় বাদ দি বজাৰলৈ যায় আলু আৰু মাংস কিনিবলৈ ।

ADVERTISEMENT

আন এগৰাকী শিক্ষয়িত্ৰীক পোৱা যায় পাঠদান কৰাৰ বিপৰীতে বাহিৰত ওলাই ম’বাইল ফোনত দীৰ্ঘ সময় ধৰি কথা পাতি থকাত । এতিয়া ৰাইজৰ প্ৰশ্ন বৰপেটা জিলা শিক্ষা বিভাগে শিক্ষামন্ত্ৰী ড৹ ৰনোজ পেগুৰ দুৰ্বল স্থিতিৰ সুযোগ লৈছে ? নে কণ কণ ছাত্ৰ-ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলিছে ? যদি বৰপেটা শিক্ষা বিভাগে ছাত্ৰ-ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলা নাই, তেন্তে এনেকুৱা কৰ্ম ফাঁকিৰে ৰাইজৰ ধনেৰে দৰমহা পাই পকেট গৰম কৰি অহা শিক্ষকসকলৰ বিৰুদ্ধে দৃষ্টান্তমূলক বিহিত ব্যৱস্থাৰে শৈক্ষিক পৰিৱেশ উন্নত কৰাৰ বাবে ৰাইজে দাবী জনাইছে ।

উল্লেখ্য যে বৰপেটা জিলা শিক্ষা বিভাগৰ শিক্ষা বিষয়াসকলে শীত-তাপ নিয়ন্ত্ৰিত কোঠাৰ পৰা ওলাই কেতিয়াবা কেতিয়াবা পশ্চিম বৰপেটা অঞ্চলৰ বিদ্যালয়সমূহৰ খবৰ নল’লে বিদ্যালয়সমূহক শ্মশান যাত্ৰাৰ পৰা ৰক্ষা কৰা টান হৈ পৰিব বুলি বিবেচিত হৈছে ।

Exit mobile version