১০৮টা জলধাৰাৰ সৌন্দৰ্যক বিশ্ব পৰ্যটনলৈ নিব সেনাই

বিশ্বৰ ভিতৰতে বিস্ময়কৰ অৰুণাচল প্ৰদেশৰ নয়নাভিৰাম এই জলপ্ৰপাতক পবিত্ৰৰূপে গণ্য কৰা হয়

maxresdefault 1

অৰুণাচল প্ৰদেশৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৱৰ্তী অঞ্চলত মুঠ ১০৮টা পৃথক জলধাৰা একেলগে হোৱা স্থানক উন্নয়নৰে দেশৰ তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যটন ক্ষেত্ৰতো এক উল্লেখ্য স্থান হিচাপে পৰিচিত কৰি তোলাৰ বাবে উদ্যোগ লৈছে সেনাবাহিনীয়ে । উল্লেখ্য যে শতাধিক জলধাৰাৰে এক নয়নাভিৰাম জলপ্ৰপাতৰ ৰূপ লোৱা তথা চুমি গ্যাটচ জলপ্ৰপাত হিচাপে পৰিচিত এই জলপ্ৰপাতৰ বিষয়ে প্ৰকাশ কৰি সেনাৰ মুখপাত্ৰ লেফটেনেন্ট কৰ্ণেল অমৰিন্দৰ সিং ৱালিয়াই কয় যে দেশৰ এই বিস্ময়কৰ জলপ্ৰপাতৰ বিষয়ে দেশ-বিদেশৰ পৰ্যটকসকলে জনা উচিত ।

এই জলপ্ৰপাত আৰু কাষৰীয়া অঞ্চলৰ প্ৰাকৃতিক সৌন্দৰ্য‌ই পৰ্যটকক নিশ্চিতভাৱে আকৰ্ষণ কৰিবলৈ সক্ষম হ’ব বুলি উল্লেখ কৰি তেওঁ পুনৰ কয় যে ইয়ে অৰুণাচল প্ৰদেশৰ অৰ্থনৈতিক উন্নয়নতো যথেষ্ট ইতিবাচক প্ৰভাৱ পেলাব । স্থানীয় ৰাইজে পৱিত্ৰ জলপ্ৰপাত হিচাপে গণ্য কৰা এই জলপ্ৰপাত বৌদ্ধ ধৰ্মাৱলম্বী তথা অৰুণাচল প্ৰদেশৰ এক বৃহৎ জনগোষ্ঠী মনপাসকলৰ বাবে অতি পৱিত্ৰ ।

সমূদ্ৰপৃষ্ঠৰ পৰা ১১ হেজাৰ ফুট উচ্চতাত থকা এই জলপ্ৰপাত ভাৰত আৰু চীন দেশৰ নিয়ন্ত্ৰণ ৰেখাৰ সমীপত অৱস্থিত যদিও বৰ্তমান এই প্ৰাকৃতিক ক্ষেত্ৰ ভাৰতৰ নিয়ন্ত্ৰণত আৰু ইয়াত পৰ্যটকৰ বাবে সু-ব্যৱস্থা গঢ়ি তুলিবলৈ সক্ষম হৈছে সেনাই । অৰুণাচল প্ৰদেশৰ টেচ্চু নামৰ গাঁওখনৰ সমীপত থকা এই জলপ্ৰপাতৰ বিষয়ে অধিক প্ৰকাশ কৰি চতুৰ্থ ক’ৰৰ মুখপাত্ৰ ৱালিয়াই পুনৰ কয় যে টেচ্চুৰ অৰ্থ হৈছে গৰম পানী আৰু টাৱাঙৰ পৰা ১১০ কিলোমিটাৰ পূৱে অৱস্থিত ।

প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ পৰা ২৫০ মিটাৰ নিলগত দেশৰ ভূখণ্ডৰ য়াংচেত অৱস্থিত ১০৮টা জলস্ৰোতৰ এই জলপ্ৰপাতৰ বিষয়ে দেশ-বিদেশৰ পৰ্যটকসকলক জনোৱাৰ বাবে সেনাই শীঘ্ৰেই পদক্ষেপ গ্ৰহণ কৰিব বুলি উল্লেখ কৰি সেনাৰ মুখপাত্ৰজনে কয় যে এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰ আৰু প্ৰতিৰক্ষা মন্ত্ৰণালয়ে সম্প্ৰতি গুৰুত্ব প্ৰদান কৰিছে ।

বুধবাৰে পুৱা ১০ বাজি ৩০ মিনিটত বজাত তেজপুৰৰ একাংশ সংবাদকৰ্মীৰ স’তে হোৱা এক বাৰ্তালাপ অনুষ্ঠানত মুখপাত্ৰ ৱালিয়াই এই বিষয়ে উল্লেখ কৰি কয় যে তেজপুৰৰ মিছন চাৰিআলিত উৰণীয়া সেতুৰ বিষয়টো প্ৰতিৰক্ষা মন্ত্ৰণালয় আৰু ৰাজ্য চৰকাৰৰ ‌মাজত আলোচনা চলি আছে আৰু ইয়াৰ পৰা এক ইতিবাচক ফলাফলেই পোৱা যাব ।

Exit mobile version