Rape : ধৰ্ষণৰ পাছত হত্যা,হত্যা কৰি পুনৰ ধৰ্ষণ !গ্ৰেপ্তাৰ যুৱক

1652357607 rape

এগৰাকী মহিলাক ধৰ্ষণৰ পাছত প্ৰহাৰ কৰি হত্যা কৰাৰ পাছত তেওঁৰ মৃতদেহক ধৰ্ষণৰ অভিযোগ উঠিলে এজন যুৱকৰ বিৰুদ্ধে । ভয়ংকৰ এই ঘটনাটো সংঘটিত হৈছে তেলেংগানাৰ চৌটুপাল চহৰত ।

আৰক্ষী সূত্ৰৰ মতে, অভিযুক্ত যুৱকজনে ঠিকাদাৰৰ অধীনত কাম কৰে। অভিযুক্তজনৰ ঘৰৰ সন্মুখৰ এটা গুদামত স্বামীৰ স’তে থাকে মহিলাগৰাকী । দীৰ্ঘদিন ধৰি মহিলাগৰাকীৰ ওপৰত চকু আছিল যুৱকজনৰ।

মহিলাগৰাকীৰ স্বামী কেতিয়া বাহিৰলৈ গৈছিল, মহিলাগৰাকী কেতিয়া ক’লৈ গৈছিল, সকলোবোৰ তেওঁৰ চকু দিছিল ।

মহিলাগৰাকীৰ স্বামীয়ে এখন মহাবিদ্যালয়ত নাইট গাৰ্ড হিচাপে কাম কৰে। ফলস্বৰূপে, মহিলাগৰাকী ৰাতি অকলে থাকে। দীৰ্ঘদিন ধৰি যুৱকজনে চাই আছিল। মহিলাগৰাকীৰ স্বামী কামলৈ যোৱাৰ লগে লগে অভিযুক্তজন সোমবাৰে গুদামলৈ যায়। মহিলাগৰাকীক ধৰ্ষণ কৰে।

বিষয়টো কোনোৱে জানিলে হত্যা কৰাৰ ভাবুকি দিয়ে । কিন্তু তাতে তেওঁ নিশ্চিত নহয়, মহিলাগৰাকীক মাৰধৰ কৰে। মৃত্যু নিশ্চিত কৰিবলৈ তেওঁ তেওঁৰ মূৰত এটা গধুৰ বস্তুৰে আঘাত কৰে। এনেদৰেই মহিলাগৰাকীৰ মৃত্যু হয়।

আৰক্ষীয়ে জনাইছে যে যুৱকজনে মহিলাগৰাকীৰ মৃত্যুৰ পাছতো তেওঁৰ শৰীৰক বাৰে বাৰে ধৰ্ষণ কৰিছে। ইয়াৰ পাছত, মহিলাগৰাকীয়ে ডিঙিৰ পৰা সোণৰ চেইন লৈ ঘটনাস্থলীৰ পৰা পলায়ন কৰে ।

মহিলাগৰাকীৰ স্বামী ঘৰলৈ উভতি আহি তেওঁৰ পত্নীক তেজেৰে লুটি পুতি অৱস্থাত দেখি আৰক্ষীক খবৰ দিয়ে। মহিলাগৰাকীৰ স্বামীয়ে ধৰ্ষণৰ অভিযোগ দাখিল কৰে। অভিযোগৰ ভিত্তিত, আৰক্ষীয়ে যুৱকজনক বিচাৰি উলিয়াই। বুধবাৰে আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা এক কিলোমিটাৰ দূৰত থকা মালকাপুৰ নামৰ এখন গাওঁৰ পৰা যুৱকজনক গ্ৰেপ্তাৰ কৰে।

Exit mobile version