ৰাষ্ট্ৰীয় সংগীত গাই শ্ৰেণী আৰম্ভ কৰিব লাগিব মাদ্রাছাত

যোগীৰাজ্যৰ পাছত মধ্যপ্রদেশতো নতুন নিয়ম

madrasa 620

মাদ্রাছাৰ শিক্ষাৰ্থী আৰু শিক্ষকসকলে এইবাৰৰ পৰা ৰাষ্ট্ৰীয় সংগীত গোৱা বাধ্যতামূলক । বৃহস্পতিবাৰে এই সিদ্ধান্তৰ কথা জনালে যোগী আদিত্যনাথ (Yogi Adityanath) চৰকাৰে । তাৰ ২৪ ঘণ্টাৰ ভিতৰতে একেই ইংগিত দিলে মধ্যপ্রদেশেও ।

বিজেপি শাসিত এই ৰাজ্যৰ গৃহমন্ত্রী তথা চৰকাৰী মুখপাত্র নৰোত্তম মিশ্র‌ই শুকুৰবাৰে জনায়, “কেৱল ধর্মীয় স্থানতেই নহয়, ৰাষ্ট্ৰীয় সংগীত সকলো স্থানতে গোৱা উচিত ।” অৱশ্যে বিষয়টো আলোচনা সাপেক্ষ ।

তাৰ পাছতহে সিদ্ধান্ত লোৱা হ’ব মাদ্রাছাত ৰাষ্ট্ৰীয় সংগীত (National Anthem) বাধ্যতামূলক কৰা হ’ব নে নাই । উত্তৰ প্রদেশত মাদ্রাছা শিক্ষা ব’র্ডে ইতিমধ্যে মাদ্রাছাত ‘জনগণমন’ গোৱা আৱশ্যক ঘোষণা কৰিছে । অৱশ্যে বিষয়টোৰ প্রশংসা কৰিলে নৰোত্তম মিশ্র‌ই । তেওঁ কয়, “এইটো অত্যন্ত গুৰুত্বপূর্ণ বিবেচ্য বিষয় । আমিও বিষয়টোক লৈ চিন্তা-চৰ্চা কৰিম ।”

যোগী মন্ত্রীসভাৰ সদস্য দানিশ আজাদ আনছাৰিয়ে নতুন নিয়ম ঘোষণা কৰিছিল । ৰাজ্য চৰকাৰৰ মুছলিম মুখ আনছাৰি সংখ্যালঘু দপ্তৰৰ মন্ত্রী । যোৱা ২৪ মার্চত উত্তৰ প্রদেশ (Uttar Pradesh) মাদ্রাছা শিক্ষা ব’র্ডৰ বৈঠকত এই বিষয়টোক লৈ সিদ্ধান্ত লোৱা হৈছিল বুলি তেওঁ জনায় । নতুন নিয়ম অনুযায়ী সকলো মাদ্রাছাৰ ছাত্র, শিক্ষকক অৱশ্যেই শ্ৰেণী আৰম্ভ হোৱাৰ আগতে ‘জনগণমন’ গাব লাগিব ।

৩০ মার্চৰ পৰা ১১ মে’ পর্যন্ত ৰমজানৰ বাবে মাদ্রাছাবোৰ বন্ধ আছিল । বৃহস্পতিবাৰে পুনৰ খোলিছে যোগীৰাজ্যৰ মাদ্রাছা আৰু আজিৰ পৰাই আৰম্ভ হৈছে নতুন নিয়ম । ২০১৭ত উত্তৰ প্রদেশ মাদ্রাছা ব’র্ডে স্বাধীনতা দিৱসত তেওঁলোকৰ অনুমোদিত সকলো শিক্ষা প্রতিষ্ঠানত ৰাষ্ট্ৰীয় পতাকা উত্তোলন আৰু ‘জনগণমন’ গোৱা বাধ্যতামূলক কৰে । ইয়াৰ পাছতেই পাঁচ বছৰ পাছত বিদ্যালয়ত শ্ৰেণী আৰম্ভ হোৱাৰ আগতে ৰাষ্ট্ৰীয় সংগীত গোৱা আৱশ্যক কৰা হ’ল ।

উত্তৰ প্রদেশ মাদ্রাছা ব’র্ডৰ প্ৰধানে আগতেই কৈছিল, “সকলো বিদ্যালয়তেই ৰাষ্ট্ৰীয় সংগীত গোৱা হয় । মাদ্রাছাৰ শিক্ষাৰ্থীসকলৰ মাজতো আমি দেশপ্রেমৰ চেতনা জাগ্রত কৰিব বিচাৰো । তেওঁলোকে যাতে ধর্মীয় শিক্ষাৰ লগতে আমাৰ ইতিহাস, সংস্কৃতিৰ স’তে পৰিচিত হয়, সেয়ে আসন্ন শিক্ষাবর্ষৰ পৰা সেয়া বাধ্যতামূলক কৰা হৈছে ।”

Exit mobile version