COVID-19 Lancet Study : ক’ভিডমুক্ত হোৱাৰ দুবছৰ পাছতো কিছু লক্ষণ থাকি যাব পাৰে : লেনছেট

54316046 303

সম্প্ৰতি কৰ’না সংক্রমণ সামান্য হ্রাস পাইছে । লাহে লাহে সুচল হ’ব হৈছে জনজীৱন । ঘৰৰ পৰ কাম কৰা, অনলাইন পাঠদানৰ পৰিৱৰ্তে অফলাইন আৰম্ভ হৈছে সকলো । কিন্তু দুবছৰ আগতে কৰ’নাৰ প্ৰকোপত সকলো বিপর্যস্ত হৈছিল । ক্ৰমে কৰ’নাৰ তিনিটা ঢৌ পাৰ হৈ পৰিস্থিতি কিছু সুস্থিৰ হৈছে । লেনছেটৰ গৱেষণা অনুসৰি, কৰ’না আক্রান্ত হৈ সুস্থ হোৱাৰ পাছতো প্রায় দুবছৰলৈকে ৰোগীৰ শৰীৰত কৰ’নাৰ লক্ষণ থাকি যাব পাৰে ।

মূলত চীনত পূর্বে আক্রান্ত ক’ভিড ৰোগীৰ শৰীৰত এই গৱেষণাটো কৰা হৈছিল । বিশেষকৈ যিসকলে দীৰ্ঘদিন ক’ভিডত ভুগিছে, তেওঁলোকৰ শৰীৰত কৰ’নাই পৰৱর্তী সময়তো বিভিন্ন শাৰীৰিক লক্ষণৰূপে দেখা দিছে । আনকি, কৰ’না টিকা লোৱা থাকিলেও এই ধৰণৰ লক্ষণবোৰে দেখা দিব পাৰে ।

ইয়াৰ অন্যতম কাৰণ মূলত ক’ভিড-১৯ৰ পৰা সুস্থ হোৱাৰ পাছত সঠিকভাৱে শৰীৰৰ যত্ন নোলোৱা । পুষ্টিকৰ খাদ্য গ্ৰহণ নকৰা, অস্বাস্থ্যকৰ জীৱনযাপন কৰা । ইয়াৰ ফলত কিছু বছৰ আগতে ক’ভিডমুক্ত হোৱা লোকসকলেও ক্লান্তি, দুশ্চিন্তা, অনিদ্রাৰ দৰে উপসর্গত ভুগিছে ।

গবেষণা অনুযায়ী, কৰ’না আক্রান্ত হোৱাৰ ছমাহ পাছত প্রায় ৬৮ শতাংশ কৰ’না আক্রান্তৰ শৰীৰত দীৰ্ঘ ক’ভিডৰ উপসর্গ দেখা দিছে । সংক্রমিত হোৱাৰ দুবছৰ পাছত ক’ভিডৰ অধিকাংশ উপসর্গ ইমান সক্রিয় নাথাকিলেও কিছু কিছু লক্ষণ থাকি যায় ।

ক্লান্তি, দুশ্চিন্তাৰ উপৰিও গাঁথি বিষ, পেশীৰ দুর্বলতা, মানসিক উদ্বেগ, গেছৰ সমস্যা সেই তালিকাত আছে ।

Exit mobile version