Jammu and Kashmir : বদগামত কাশ্মীৰি পণ্ডিত হত্যাৰ ঘটনাত বিক্ষোভ, পুনৰ অশান্ত উপত্যকা

kashmiri pandit 1652423320

সন্ত্ৰাসবাদীৰ গুলিত এজন কাশ্মীৰি পণ্ডিতৰ হত্যাৰ ঘটনাৰ ফলত অশান্তিৰ সৃষ্টি উপত্যকাত । বদগামসহ বিভিন্ন অঞ্চলত কে’বাবাৰো নিৰাপত্তা বাহিনীৰ স’তে বিক্ষোভকাৰীসকলৰ সংঘর্ষ হয় । হিন্দু পণ্ডিতৰ হত্যাৰ প্রতিবাদত বিক্ষোভ হয় জম্মুতো ।

বৃহস্পতিবাৰে বদগাম জিলাথ ছাদুৰাত ৰাহুল ভট্ট নামে এই চৰকাৰী কর্মচাৰীজনক তেওঁৰ দপ্তৰত সোমাই হত্যা কৰিছিল সন্ত্ৰাসবাদীয়ে । ৰাহুল বদগামৰ শ্বেখপুৰাৰ বাসিন্দা । তাত পুনর্বাসিত পণ্ডিতৰ এটা মহল্লাত বাস কৰিছিল তেওঁ । কাশ্মীৰি পণ্ডিতসকলৰ পুনর্বাসন পেকেজৰ আওতাত চাকৰি লাভ কৰিছিল চৰকাৰী নিয়োগ বিষয়ক দপ্তৰত ।

ৰাহুলৰ পত্নী মীনাক্ষীয়ে শুকুৰবাৰে কয়, ‘‘মোৰ স্বামী কে’বাদিন ধৰি শংকাত আছিল যে, তেওঁক হত্যা কৰা হ’ব পাৰে । সেয়ে স্থানান্তৰৰ বাবে ঊর্ধ্বতন কর্তৃপক্ষক আবেদন জনাইছিল । কিন্তু তেওঁৰ স্থানান্তৰ কৰা নহয় ।’’

কেন্দ্রৰ শাসকদলে ৰাজনীতিৰ স্বার্থত কাশ্মীৰি পণ্ডিতসকলক ‘বলিৰ পাঠা’ বনাব বিচাৰিছে বুলিও তেওঁ অভিযোগ কৰে ।

Exit mobile version