দাউ দাউকৈ জ্বলি উঠিল অমৃতসৰৰ চৰকাৰী চিকিৎসালয় ,বৃহৎ ক্ষতিৰ আশংকা

Amritsar Fire N

অমৃতসৰৰ চিকিৎসালয়ত ভয়ংকৰ অগ্নিকাণ্ড । শনিবাৰে দুপৰীয়া অমৃতসৰৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ এক্স-ৰে বিভাগৰ ওচৰত অগ্নিকাণ্ডটো সংঘটিত হয়।

ADVERTISEMENT

অৱশ্যে, সূত্ৰ অনুসৰি, এতিয়ালৈকে হতাহত হোৱাৰ কোনো খবৰ পোৱা হোৱা নাই।কিন্তু চিকিৎসালয়ত অগ্নিকাণ্ডৰ বাবে, ৰোগীসকল অতি আতংকিত হয়। চিকিৎসালয়ৰ সূত্ৰ অনুসৰি, তেওঁলোক সকলোকে সুৰক্ষিতভাৱে উদ্ধাৰ কৰা হৈছে।

চিকিৎসালয়ৰ এজন কৰ্মীয়ে জনাইছে, যে ট্ৰেন্সফৰ্মাৰ বিস্ফোৰিত হয় জুই লাগে। পাৰ্কিং এলেকাৰ পৰা জুই বিয়পি পৰে। ইয়াৰ ওচৰত কোনো ৰোগী ৱাৰ্ড নাছিল। গতিকে তেওঁলোক সকলো সুৰক্ষিত।

কিন্তু ৰোগীৰ পৰিয়ালৰ আত্মীয়সকল জুইৰ উৎসৰ ওচৰত আছিল। তথ্য অনুসৰি তেওঁলোক সকলোকে সুৰক্ষিত স্থানলৈ লৈ যোৱা হয়। অগ্নিনিৰ্বাপক বাহিনীয়ে প্ৰায় ৪০ মিনিটৰ প্ৰচেষ্টাৰ পাছত জুই নুমুৱাই।

জুইত চিকিৎসালয়খনৰ তিনিটা মহলা ক্ষতিগ্ৰস্ত হয়। চিকিৎসালয়ৰ কৰ্মচাৰীসকলে অনুমান কৰিছে যে জুইত বহুতো চিকিৎসা সঁজুলি জ্বলি গৈছে। কিন্তু কাৰো ক্ষতি হোৱা নাই, সেয়াই সকলোৰে বাবে ডাঙৰ সকাহ।

Exit mobile version