COVID Death : উত্তৰ কোৰিয়াত ‘জ্বৰ’ত মৃত্যু ২১ জনৰ

nk

প্ৰথম মৃত্যুৰ খবৰ প্ৰকাশ্য অহাৰ দুদিনৰ পাছতে ‘জ্বৰ’ত আৰু ২১ জনৰ মৃত্যু হোৱাৰ খবৰ জনালে উত্তৰ কোৰিয়াই । শনিবাৰে প্ৰশাসনৰ তৰফৰ পৰা এই খবৰ প্ৰকাশ কৰে ।

পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ সমগ্ৰ দেশতে তলাবন্ধ ঘোষণা কৰা হৈছে।ইমান দিনৰ পাছত ক’ভিডত প্ৰথম মৃত্যুক লৈ উত্তৰ কোৰিয়াৰ সংক্ৰমণৰ পৰিস্থিতিৰ বিষয়ে উদ্বেগ প্ৰকাশ কৰিছো।

কিন্তু এই মুহূৰ্তত, স্বাস্থ্য বিষয়াসকলৰ চিন্তা আৰু দুগুণ কৰিছে এই জ্বৰে।

শুক্ৰবাৰে লৈকে, কমেও ১১,৭৪,৪৪০ জন লোক জ্বৰত আক্ৰান্ত হৈছে । ইয়াৰ ভিতৰত, ২১ জনৰ মৃত্যু হৈছে। অৱশ্যে, ক’ভিডৰ ফলত কাৰোবাৰ মৃত্যু হৈছে নে নাই সেইয়া প্ৰশাসনে স্পষ্ট কৰা নাই।

আনহাতে, দক্ষিণ আফ্ৰিকাত, অ’মিক্ৰনৰ দুটা উপ-প্ৰকাৰৰ দাপত পুনৰ উৰ্ধমুখী সংক্ৰমণৰ পৰিস্থিতি । দেশৰ স্বাস্থ্য বিষয়াসকলে জনাইছ যে যোৱা তিনি সপ্তাহত নতুন আক্ৰান্তৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পাইছে। চিকিৎসালয়ত ভৰ্তি হোৱা ৰোগীৰ সংখ্যাও বৃদ্ধি পাইছে।

অৱশ্যে, তেওঁলোকে জনাইছে যে তীব্ৰ লক্ষণ বা মৃত্যুৰ ক্ষেত্ৰত এনে এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তন এতিয়ালৈকে লক্ষ্য কৰা হোৱা নাই।

Exit mobile version