আধাৰৰ স’তে এইবাৰ সহযোগ কৰিব লাগিব ভোটাৰ কাৰ্ড

download 7

পান কাৰ্ডৰ স’তে আধাৰ কাৰ্ডৰ সংযােজনৰ পাছত এইবাৰ নতুন আইনত ভােটাৰ কাৰ্ডৰ স’তে সংযােজন কৰিব লাগিব আধাৰ কার্ড। আধাৰ কাৰ্ডৰ স’তে ভােটাৰ কার্ড সংযােজনৰ প্ৰস্তাৱ যােৱা বছৰতে গ্ৰহণ কৰা হৈছিল।

ADVERTISEMENT

এইবাৰ উক্ত প্রক্রিয়াৰ গতি বৃদ্ধি কৰিলে নির্বাচন আয়ােগে। শেহতীয়াকৈ দেশৰ বিদায়ী মুখ্য নির্বাচন আয়ুক্ত সুশীল চন্দ্রই এই কথা প্রকাশ কৰি কয় যে কেন্দ্রীয় চৰকাৰে অচিৰে আধাৰ কাৰ্ড আৰু ভােটাৰ কাৰ্ডৰ সংযুক্তিকৰণৰ নিয়ম প্রস্তুত কৰিব।

অৱশ্যে এতিয়াই আধাৰ আৰু ভােটাৰ কাৰ্ডৰ সংযুক্তিকৰণ বাধ্যতামূলক কৰা নহব। কোনাে ব্যক্তিয়ে আধাৰ আৰু ভােটাৰ কার্ড সংযুক্ত কৰিব নিবিচাৰিলে ইয়াৰ বাবে তেওঁ উপযুক্ত কাৰণ প্ৰদৰ্শন কৰিব লাগিব।

উচ্চতম ন্যায়ালয়ৰ ব্যক্তিগত গােপনীয়তা অধিকাৰ বিষয়ক গােচৰৰ পৰিপ্ৰেক্ষিতত বর্তমানে ভোটাৰ আৰু আধাৰৰ সংযুক্তিকৰণ দেশত বাধ্যতামূলক কৰা নহ’ব। ভােটাৰ আৰু আধাৰ কাৰ্ডৰ সংযুক্তিকৰণ সম্পন্ন হলে ভুৱা ভােটদাতাক চিনাক্ত কৰাটো সহজ হ’ব।

Exit mobile version