উত্তৰবংগ আৰু অবিভক্ত গোৱালপাৰা জিলাক সাঙুৰি পৃথক কামতাপুৰ ৰাজ্য পুনৰগঠন কৰাৰ দাবী কেপিপিৰ

download 1 5

আজি এক প্ৰেছ বিবৃতি কামতাপুৰ প্ৰগ্ৰেছিভ পাৰ্টি চমুকৈ কেপিপি-ৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক উত্তম কুমাৰ ৰায়ে ভাৰতীয় সংবিধানৰ আৰ্টিকেল তিনি প্ৰয়োগ কৰি অচিৰেই ভাৰত চৰকাৰক উত্তৰবংগ আৰু অবিভক্ত গোৱালপাৰা জিলাক সাঙুৰি পৃথক কামতাপুৰ ৰাজ্য পুনৰগঠন কৰাৰ দাবী উত্থাপন কৰে । কেপিপিৰ সাধাৰণ সম্পাদকগৰাকীয়ে কয় যে পৃথক কামতাপুৰ ৰাজ্য পুনৰগঠন আন্দোলন শোষিত, নিপীড়িত আৰু বঞ্চিত কামতাপুৰী জনতাৰ সংগ্ৰাম ।

দেশ স্বাধীন হোৱাৰ পাছত দশক ধৰি কামতাপুৰী জনগণে নিজৰ প্ৰাপ্য অধিকাৰৰ দাবীত ধাৰাবাহিকভাৱে আন্দোলন কৰি আহিছে । এই আন্দোলনক অসম আৰু পশ্চিমবংগ চৰকাৰে সদায়েই দমন নীতিৰে মষিমূৰ কৰিবলৈ প্ৰয়াস চলাই আহিছে । গতিকে কেন্দ্ৰীয় চৰকাৰে কামতাপুৰী জনতাৰ স্বকীয় স্বত্তা, ভাষিক, সাংস্কৃতিক, অৰ্থনৈতিক, ৰাজনৈতিক নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে অচিৰেই ভাৰতীয় সংবিধানৰ তিনি নং ধাৰা অনুসাৰে পৃথক কামতাপুৰ ৰাজ্য পুণৰগঠণৰ কাৰ্য্যকৰী ব্যৱস্থা গ্ৰহণ কৰিব লাগে ।

লগতে সাধাৰণ সম্পাদকগৰাকীয়ে সংবিধানৰ তিনি নং ধাৰাত কি লিখা আছে সেয়াও বিস্তাৰিতভাৱে উল্লেখ কৰে । ভাৰতীয় সংবিধানৰ তিনি নং ধাৰা অনুসাৰে সংসদৰ উভয় সদনত বিল পাছ কৰি মহামান্য ৰাষ্ট্ৰপতিৰ অনুমোদন সপক্ষে নতুন ৰাজ্য বা কেন্দ্ৰ শাসিত অঞ্চল গঠন কৰিব পাৰে । এই ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ কোনো মতামত লোৱাৰ প্ৰয়োজনীয়তা নাথাকে । কেন্দ্ৰ চৰকাৰে ইচ্ছা কৰিলে ৰাষ্ট্ৰপতি অনুমোদন সপক্ষে কোনো এখন ৰাজ্যৰ আয়তন বৃদ্ধি কৰিব পাৰে বা কমাব পাৰে ।

এই ধাৰা অনুসৰি কোনো ৰাজ্যৰ সীমা সংশোধন বা পৰিৱৰ্তন কৰিব পাৰে; ইয়াৰ উপৰি কোনো এখন ৰাজ্যৰ নামও পৰিৱৰ্তন কৰিব পাৰে সংসদীয় পদ্ধতি অৱলম্বন কৰি । সেয়ে আমি ভাৰত চৰকাৰক আবেদন জনালো যে চৰকাৰে ভাৰতীয় সংবিধানৰ তিনি নং ধাৰা অনুসাৰে উত্তৰবংগ আৰু অবিভক্ত গোৱালপাৰা জিলাক সাঙুৰি পৃথক কামতাপুৰ ৰাজ্য পুনৰগঠন কৰক ।

উল্লেখযোগ্য যে যি সময়ত কেন্দ্ৰৰ শাসনাধিষ্টিত বিজেপি দলৰ কে’বাগৰাকী সাংসদ-বিধায়কে উত্তৰবংগক পৃথক ৰাজ্যৰ মৰ্যদা দিয়াৰ দাবী উত্থাপন কৰাৰ সময়তে কেপিপিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক উত্তম কুমাৰ ৰায়ে উত্তৰবংগ আৰু অসমৰ অবিভক্ত গোৱালপাৰা জিলাক সাঙুৰি পৃথক কামতাপুৰ ৰাজ্য পুনৰগঠনৰ দাবী উত্থাপন কৰা বিষয়টোৱে এক বিশেষ তাৎপৰ্য বহন কৰিছে ।

Exit mobile version