এপ্ৰিল মাহত দেশত কৰ্মসংস্থাপনত ৰেকৰ্ড বৃদ্ধি ,নিযুক্তি পাইছে ৮৮ লাখ লোকে

Job 1

বেয়া সময়তো কিছু ভাল খবৰ দিলে ভাৰতীয় অৰ্থনীতি নিৰীক্ষণ কেন্দ্ৰৰ শেহতীয়া পৰিসংখ্যাই । তেওঁলোকৰ প্ৰতিবেদন অনুসৰি, এপ্ৰিল মাহত সমগ্ৰ দেশত প্ৰায় ৮৮ লাখ লোকে চাকৰি লাভ কৰিছে । যদিও চাহিদাৰ তুলনাত সেয়া কম বুলি উল্লেখ কৰা হৈছে , চি.এম.আই.ই. প্ৰতিবেদনত।

ADVERTISEMENT

ইয়াৰ ফলত, নিবনুৱাৰ হাৰ এতিয়াও এক উদ্বেগজনক পৰিস্থিতিত আছে। কেন্দ্ৰৰ পৰামৰ্শদাতা সংস্থাৰ প্ৰতিবেদন অনুসৰি, দেশৰ গাওঁসমূহত নিবনুৱাৰ হাৰ বৰ্তমান ৮.৪৫ শতাংশ, আনহাতে চহৰাঞ্চলত ই ৮.৪ শতাংশত উপনীত হৈছে।

অৱশ্যে, এপ্ৰিলত, দেশৰ শ্ৰমিক শক্তি ৮.৮ মিলিয়ন বৃদ্ধি হৈ ৪৩৭.২ মিলিয়ন হয়। মাৰ্চ মাহত, যি আছিল ৪২৮.৪ শতাংশ।

চি.এম.আই.ই.-ৰ এম.ডি. মহেশ ব্যাসৰ মতে, মানুহে লাহে লাহে কামৰ দিশে আগবাঢ়িছে। ইয়াৰ ফলস্বৰূপে, ৮৮ লাখ লোকৰ কৰ্মসংস্থাপন হৈছে। কোম্পানীৰ প্ৰতিবেদনত এইটোও প্ৰকাশ কৰা হৈছে যে যোৱা বিত্তীয় বৰ্ষত প্ৰতি মাহে নিয়োগযোগ্য লোকৰ গড় সংখ্যা দুই লাখ বৃদ্ধি পাইছে। কিছু মাহত হ্ৰাস হৈছে। ডিচেম্বৰত ই আটাইতকৈ বেছি বৃদ্ধি পাইছিল।

তথ্য অনুসৰি, এপ্ৰিলত ঔদ্যোগিক খণ্ডত প্ৰায় ৫৫ লাখ সংস্থাপন হৈছিল । আনহাতে সেৱা খণ্ডত প্ৰায় ৬৭ লাখ সংস্থাপন হৈছে। অৱশ্যে, কৃষিক্ষেত্ৰত ইয়াৰ বিপৰীত ঘটনা ঘটিছিল। তাত নিযুক্তি প্ৰায় ৫২ লাখলৈ হ্ৰাস পাইছে।

ইয়াৰ উপৰিও, উৎপাদন খণ্ডত ৩০ লাখ লোকে আৰু নিৰ্মাণকাৰ্যত প্ৰায় ৪০ লাখ লোকে চাকৰি লাভ কৰিছে।
কৃষিক্ষেত্ৰত কৰ্মসংস্থাপন কিয় কম ? ইয়াৰ উত্তৰত মন কৰা হৈছে যে ৰবি শস্য চপোৱাৰ বতৰত সমাপ্ত হোৱা আৰু ঘেঁহু উৎপাদন হ্ৰাস হোৱাৰ ফলত এই অভাৱ হৈছে।

আনহাতে, এপ্ৰিলত ৮৮ লাখ কৰ্ম সংস্থাপনৰ কথা কোৱা হৈছে যদিও, কিন্তু ইয়াক আৰ্থিকভাৱে লাভজনক নহয় বুলি গণ্য কৰা নহয়। কাৰণ প্ৰতিবেদনখনে যি বিকাশৰ কথা কৈছে সেয়া মুখ্যতঃ দৈনিক মজুৰি আৰু ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ মাজত সীমাবদ্ধ।

প্ৰসংগত, যোৱা কেইমাহমানত, মূল্যবৃদ্ধিয়ে সাধাৰণ মানুহৰ ওপৰত প্ৰভাৱ পেলাইছে। ইন্ধনৰ মূল্যই ছেনচুৰী মাৰিছে। ৰন্ধন গেছৰ মূল্য হেজাৰ হেজাৰ টকা অতিক্ৰম কৰিছে। আনহাতে, ডলাৰৰ হিচাপত টকাৰ মূল্য অভিলেখ হাৰত হ্ৰাস পাইছে । এই পৰিস্থিতিত, কিছুমান বিশেষজ্ঞই বিশ্বাস কৰে যে চি.এম.আই.ই. প্ৰতিবেদনত উল্লেখ কৰা বৃদ্ধিৰ স’তে জনসাধাৰণৰ বাস্তৱ পৰিস্থিতিৰ কোনো সম্পৰ্ক নাই।

Exit mobile version