ডিগবৈত মুখ্যমন্ত্ৰীৰ মুখমণ্ডলৰ টেটু অংকন কৰি ভাইৰেল এজন যুৱক

তিনিচুকীয়া জিলা তৈলনগৰী ডিগবৈ চহৰৰ এজন সাধাৰণ যুৱক বর্তমান চৰ্চাৰ কেন্দ্রবিন্দু হৈ পৰিছে৷ ডিগবৈৰ এক নম্বৰ গােলাইৰ নিবাসী ৰাজেশ সৰকাৰে ৰাজ্যৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ মুখমণ্ডল পিঠিত টেটু বনাই ভাইৰেল হৈ পৰিছে।

ADVERTISEMENT

তথ্য অনুসৰি আই অ চিৰ অধিনস্থ টিপাম গেষ্ট হাউচত ৰান্ধনীৰ সহায়কৰ কাম কৰা ৰাজেশ চৰকাৰে ৰাজ্যৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি থকা অগাধ শ্রদ্ধা আৰু ভক্তিৰ বাবে যুৱকজনে নিজৰ পিঠিত মুখমণ্ডলৰ টেটু অংকন কৰাই।

ডিগবৈৰ এ টি ৰ’ডহিত জেড টু ফাইভ নামৰ টেটু বনােৱা প্রতিষ্ঠানখনত চিন্ময় সােনােৱাল নামৰ শিল্পীজনৰ হাতেৰে মুখ্যমন্ত্ৰীৰ টেটু অংকন কৰােৱাই। প্রায় ১১ হেজাৰ টকা ব্যয় সাপেক্ষে চাৰিদিন জোৰা কষ্টৰ পাচত টেটুটো অংকন কৰিবলৈ সক্ষম হয় ৰাজেশ সৰকাৰ।

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ প্রতি অগাধ ভক্তি আৰু ৰাইজৰ হিতৰ বাবে কৰি থকা কৰ্মৰাজিৰ প্রতি আকৃষ্ট হৈ টেটুটো অংকন কৰা বুলি জানিবলৈ দিয়ে।

আজি পর্যন্তলৈকে কাষত নােপােৱা ৰাজেশ সৰকাৰে ড° হিমন্ত বিশ্ব শৰ্মাক এবাৰ কাষৰ পৰা চাবলৈ মনত ইচ্ছা পুহি ৰাখিছে।

Exit mobile version