দেশত গৰমে গঢ়িলে অভিলেখ

375749 heat

দেশত গৰমে গঢ়িলে অভিলেখ । সম্প্ৰতিক বছৰত কেতিয়াও এনে উষ্ণতা বৃদ্ধি হোৱা নাই৷ ভাৰতকে ধৰি কেবাখনো দেশত মাৰাত্মক তাপপ্ৰবাহৰ সন্মুখীন হৈছে ।

বৰষুণ, ঘূৰ্ণীবতাহ হ’লেও, তাপমাত্ৰাৰ ক্ষেত্ৰত প্ৰভাৱ হোৱা নাই বুলি কোৱা হৈছে । বৰ্তমান, দেশৰ কিছুমান ৰাজ্যৰ তাপমাত্ৰা প্ৰায় ৫০ স্পৰ্শ কৰে। দিল্লীত দেওবাৰে ৪৯ ডিগ্ৰী স্পৰ্শ কৰিছে ।

বতৰ বিজ্ঞানীসকলৰ মতে,গৰমৰ যদি সদায় এনে উষ্ণতা থাকে, তেন্তে ই মানৱ শৰীৰৰ ক্ষতি কৰিব পাৰে। ভাৰতত জলবায়ুৰ বৈচিত্ৰ্য আছে। কিন্তু যদি মৰুভূমিৰ অত্যাধিক গৰম বতৰ সামগ্ৰিক হৈ পৰে, তেন্তে ই দেশবাসীৰ বাবে কোনো প্ৰকাৰে ভাল নহয়।

কেৱল দিল্লীয়ে নহয়, উত্তৰ প্ৰদেশ আৰু হাৰিয়ানাত ৪৯ ডিগ্ৰী ওচৰত আছে । বতৰ বিজ্ঞান কেন্দ্ৰই জনাইছে,মে’ মাহত এইটো সৰ্বাধিক তাপমাত্ৰা ।

এই বতৰৰ বাবে বিজ্ঞানীসকলে গোলকীয় উষ্ণতা বৃদ্ধিক দোষাৰোপ কৰিছে। কাৰ্বন আৰু মিথেন গেছ নিৰ্গত হোৱা আৰু বায়ুত মিহলি হোৱাৰ ফলত, বতৰ গৰম হৈ আহিছে। সমগ্ৰ ভাৰত গৰমত দহিছে।

কিন্তু তাৰ মাজতে নতুন তথ্য উদ্ভৱ হৈছে ছ’চিয়েল মিডিয়াত । তথ্য অনুসৰি যোৱা ১২২ বছৰত, মাৰ্চ মাহত উত্তৰ-পশ্চিম ভাৰতত কেতিয়াও ইমান গৰম হোৱা নাছিল।

বহুতো মানুহৰ হিট ষ্ট্ৰোক হৈছে। ই শিশু আৰু বৃদ্ধসকলৰ ওপৰত গুৰুতৰ প্ৰভাৱ পেলাব পাৰে । গৰমৰ বাবে বিদ্যুতৰ ব্যৱহাৰো বৃদ্ধি পাইছে। চাহিদা বাঢ়িছে। অৱশ্যে, তুলনাত উৎপাদন বৃদ্ধি হোৱা নাই। ফলস্বৰূপে, দেশৰ বহুতো ৰাজ্যত বিদ্যুৎ সংকট দেখা দিছে।

Exit mobile version