নগাঁও জিলাৰ কামপুৰৰ বানাক্ৰান্ত অঞ্চলত জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকা

20220516113840 086A0657

অসম চৰকাৰৰ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই আজি নগাঁও জিলাৰ কামপুৰ ৰাজহ চক্ৰৰ অধীনৰ কপিলী নদীৰ বানত আক্ৰান্ত অঞ্চলসমূহ পৰিভ্ৰমণ কৰি বান ৰোধ কৰিবলৈ গ্ৰহণ কৰি থকা বিভাগীয় কামৰ প্ৰত্যক্ষ বুজ লোৱাৰ লগতে বানাক্ৰান্তসকলৰো খবৰ লয় । মন্ত্ৰীগৰাকীয়ে আজি পুৱাৰ ভাগতে কামপুৰ ৰাজহ চক্ৰৰ অধীনৰ ধলধলীয়া পঞ্চায়তৰ অধীনত বানত আক্ৰান্ত অঞ্চলসমূহত উপস্থিত হৈ বানৰ বুজ লয় ।

শেহতীয়াকৈ ডিমা হাচাও আৰু কাৰ্বি আংলং জিলাৰ বিভিন্ন ঠাইত প্ৰবল বৰষুণ হৈ থকাৰ পৰিপ্ৰেক্ষিতত ইয়াৰ নামনি অঞ্চলত, বিশেষকৈ কপিলী নদীৰ জলপৃষ্ঠ বৃদ্ধি হৈ ইয়াৰ কাষৰীয়া একাংশ অঞ্চল প্লাৱিত কৰি বানৰ সৃষ্টি কৰিছে । ধলধলীয়া গাঁও পঞ্চায়তৰ অধীনত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে নিৰ্মাণ কৰা বান্ধ চিঙি কাষৰীয়া অঞ্চলত বানৰ সৃষ্টি কৰাত জলসম্পদ মন্ত্ৰীগৰাকীৰ নিৰ্দেশত জিলা জলসম্পদ বিভাগৰ বিষয়া, অভিযন্তাসকলে বিগত তিনি দিন ধৰি যুদ্ধকালীন তৎপৰতাৰে বান্ধ সুৰক্ষাৰ কামত ব্ৰতী হৈ আছে । বিভাগীয় বিষয়াসকলৰ পৰা অহৰহ পৰিস্থিতিৰ বুজ লৈ থকা মন্ত্ৰীগৰাকীয়ে আজি বিধায়কদ্বয় জিতু গোস্বামী আৰু শশীকান্ত দাসক লগত লৈ অঞ্চলটোত উপস্থিত হয় আৰু বান্ধ সুৰক্ষাৰ বাবে বিভাগে গ্ৰহণ কৰি থকা ব্যৱস্থাৱলীৰ প্ৰত্যক্ষ বুজ লয় ।

মন্ত্ৰীগৰাকীয়ে উপস্থিত সাংবাদিকৰ আগত প্ৰকাশ কৰে যে যদিও খহনীয়া হৈ থকা বান্ধকেইটাৰ নিৰ্মাণ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনতহে হৈছিল, জলসম্পদ বিভাগৰ কোনোধৰণৰ বান্ধ নাছিল, তথাপিও তেঁও ইতিমধ্যেই জলসম্পদ বিভাগক সষ্টম কৰি বান্ধ সুৰক্ষাৰ ব্যৱস্থা গ্ৰহণৰ বাবে নিৰ্দেশ দিছিল আৰু এই নিৰ্দেশৰ ফলতেই বিগত তিনিদিন ধৰি বিভাগীয় বিষয়া অভিযন্তাই দিনে নিশাই অঞ্চলটোত বান প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰি আছে ।

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে নিৰ্মাণ কৰা বান্ধ আৰু জলসম্পদ বিভাগৰ মথাউৰি নিৰ্মাণৰ ক্ষেত্ৰত প্ৰাৰ্থক্য থকা বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এতিয়াৰপৰা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগক বান্ধ নিৰ্মাণৰ সময়ত বান্ধৰ নিৰ্ধাৰিত নীতি প্ৰস্তুতৰ ক্ষেত্ৰত জলসম্পদ বিভাগৰ সৈতে একেলগে কাম কৰিবলৈ তেঁও আহ্বান জনাব । জলসম্পদ বিভাগৰ মথাউৰিসমূহ তুলনামূলকভাৱে ডাঙৰ তথা নিৰ্মাণ কৰোতে প্ৰতি মিটাৰৰ মূৰত ৰোলাৰ চলোৱাটো নিশ্চিত কৰা হয় বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ সন্মানীয় মন্ত্ৰী আৰু বিষয়াসকলকো তেঁও আহ্বান জনায়, “আমি সকলোৱে একেলগে মথাউৰি বনাম যাতে বান্ধৰ কাম ভাল হয় আৰু বান্ধ ভাঙি এনেদৰে বানৰ সমস্যাত কোনো পৰিব লগা নহয় ।” এই ক্ষেত্ৰত অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়েও মন্ত্ৰীগৰাকীক নিৰ্দেশ প্ৰদান কৰা বুলি তেঁও উল্লেখ কৰে |

আনহাতে, প্ৰকৃতিৰ স’তে যুঁজা ইমান সহজ নহয় বুলি উল্লেখ কৰি মন্ত্ৰী পীযুষ হাজৰীকাই কয় যে বিগত বৰ্ষৰ বানত জলসম্পদ বিভাগৰ এটা মথাউৰিহে ভাঙিছিল যদিও চলিত বৰ্ষত এই পৰ্যন্ত জলসম্পদ বিভাগৰ এটাও মথাউৰি ভঙা নাই আৰু মথাউৰিসমূহ ৰক্ষা কৰাৰ ক্ষেত্ৰত বিভাগীয়ভাৱে পাৰ্যমানে প্ৰয়াস কৰি যোৱা হ’ব । বিগত বৰ্ষত অসমৰ দুখনকৈ বানপানীত ক্ষতিগ্ৰস্ত হোৱা জিলা ক্ৰমে ধেমাজি আৰু মৰিগাঁৱত বান নিয়ন্ত্ৰণৰ বাবে প্ৰধানত প্ৰয়াস কৰা হৈছিল বুলি প্ৰকাশ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এই বছৰ জিলাদুখনত এতিয়ালৈকে বানপানী নিয়ন্ত্ৰণাধীন হৈ আছে ।

আনহাতে, বাৰিষাৰ সময়ত জলসম্পদ বিভাগৰে হওক অথবা আন বিভাগে নিৰ্মাণ কৰাই হওক, প্ৰয়োজনত সকলো মথাউৰিৰ সুৰক্ষাৰ বাবে জলসম্পদ বিভাগ তৎপৰ হৈ আছে বুলিও মন্ত্ৰী পীযুষ হাজৰীকাই উল্লেখ কৰে । আজিৰ পৰিদৰ্শন কালত এগৰাকী সাংবাদিকে বাৰিষা মথাউৰি নিৰ্মাণ বন্ধ থকাক লৈ মথাউৰি নিৰ্মাণৰ ক্ষেত্ৰত চৰকাৰী পুঁজিৰ সদব্যৱহাৰ হোৱা নাই নেকি বুলি প্ৰশ্ন কৰাত মন্ত্ৰী পীযুষ হাজৰীকাই কয় যে তেঁও জলসম্পদ বিভাগৰ দায়িত্ব লোৱাৰে পৰা প্ৰতিটো ক্ষেত্ৰতে নিৰীক্ষণ কৰি আছে আৰু বাৰিষাৰ সময়ত ৰাজহুৱা পুঁজি অপব্যৱহাৰ নহ’বৰ বাবেহে স্থায়ী কামসমূহ স্থগিত ৰাখি আপাতকালীন সুৰক্ষাৰ কামত মনোনিৱেশ কৰা হৈছে ।

ইপিনে, আজিৰ পৰিদৰ্শন কালতে নগাঁও জিলা প্ৰশাসনৰ অভিভাৱক মন্ত্ৰীগৰাকীয়ে বানত আক্ৰান্তসকলক ততকালীনভাৱে উপযুক্ত সাহাৰ্যৰ ব্যৱস্থা কৰিবলৈ জিলা উপায়ুক্তগৰাকীক নিৰ্দেশ দিয়ে ।

Exit mobile version