নাটোত যোগ দিবলৈ প্ৰস্তুত ফিনলেণ্ড

russia violates finnish airspace as helsinki mulls nato

ইউৰোপৰ নিৰাপত্তাৰ বিষয়ে দেশসমূহে চিন্তা কৰি থকাৰ সময়তে ফিনলেণ্ডৰ প্ৰধানমন্ত্ৰীয়ে ফেব্ৰুৱাৰী মাহত ইউক্ৰেইনৰ সীমান্তত ৰাছিয়াৰ সৈন্য জমা হোৱাৰ সময়তো নদি কৈছিল যে তেওঁৰ দেশখনে নাটোত যোগদান কৰাৰ সম্ভাৱনা নাই। তিনি মাহ আৰু এটা আক্ৰমণৰ পিছত ফিনলেণ্ডে নাটোত যোগদান কৰিবলৈ লৰালৰি কৰিছে — যুদ্ধকালীন নিৰপেক্ষতাৰ দীৰ্ঘ ইতিহাস থকা আৰু সামৰিক মিত্ৰতাৰ বাহিৰত থকা এটা জাতিৰ বাবে ই এক অভাৱনীয় স্থিতি পৰিৱৰ্তন।

আনহাতে, ক্ৰেমলিনে ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে এই পদক্ষেপে ৰাছিয়াৰ বাবে ভাবুকিৰ সৃষ্টি কৰিব । ৰাছিয়াই সম্ভাৱ্য প্ৰতিশোধৰ সতৰ্কবাণী প্ৰদান কৰি কয়, ‘ফিনলেণ্ডে কিয় নিৰপেক্ষতাক ত্যাগ কৰিবলৈ সিদ্ধান্ত লৈছে আৰু এই পদক্ষেপৰ প্ৰভাৱ কি হ’ব পাৰে আমি চাম ।’

লগতে কয়, “বৰ্তমানৰ পৰিস্থিতিত কি কৰা উচিত সেই সম্পৰ্কে কিছুমান কাল্পনিক ধাৰণাৰ বাবে সাধাৰণ জ্ঞান ত্যাগ কৰাটো দুখৰ কথা ।”

এই পদক্ষেপৰ ফলত দুয়োখন দেশৰ নিৰাপত্তা শক্তিশালী নহ’ব বুলি উল্লেখ কৰি মস্কোৱে ব্যৱস্থা গ্ৰহণ কৰিব বুলি ভাবুকি দিয়ে।

‘আমি কেৱল এইটো সহ্য কৰিম বুলি তেওঁলোকৰ কোনো ভ্ৰম থাকিব নালাগে ।’

ৰাছিয়াৰ আগ্ৰাসনৰ আশঙ্কাৰ প্ৰতিৰোধ হিচাপে নাটোত যোগদান কৰিবলৈ দশক দশক ধৰি চলি অহা সামৰিক নিৰপেক্ষতা ত্যাগ কৰিবলৈ সাজু হৈছে ফিনলেণ্ড আৰু ছুইডেনে।

ফিনলেণ্ডৰ ৰাষ্ট্ৰপতি ছাউলি নিনিষ্টোৱে শনিবাৰে ৰাছিয়াৰ ভ্লাদিমিৰ পুটিনৰ সৈতে দেশখনে নাটোৰ সদস্যপদৰ বাবে কৰা আবেদনৰ বিষয়ে আলোচনা কৰে।

ক্ৰেমলিনে কয় যে পুটিনে ফিনলেণ্ডৰ সামৰিক নিৰপেক্ষতাৰ অন্ত পেলোৱাক “ভুল” বুলি গণ্য কৰিছে।

Exit mobile version