বাগসাৰ দক্ষিণ ডুবাত কালদিয়া নৈৰ তীব্ৰ খহনীয়া

নৈৰ বুকুত জাহ যোৱাৰ উপক্ৰম কে'বাটাও পৰিয়ালৰ ঘৰ-মাটি

WhatsApp Image 2022 05 16 at 6.43.06 PM

বাৰিষাৰ আগমনৰ লগে লগে শংকিত হৈছে বাগসাৰ শালবাৰীৰ নৈপৰীয়া ৰাইজ ৷ বাগসাৰ ককলাবাৰী পৰিষদীয় সমষ্টি আৰু ছাপাগুৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত দক্ষিণ ডুবাত কালদিয়া নৈয়ে প্ৰৱল গৰাখহনীয়াৰ সৃষ্টি কৰি ৰাইজৰ বাবে ভাবুকি হৈ পৰিছে ৷

কালদিয়া নৈৰ গৰাখহনীয়াই তীব্ৰ ভাবুকি আনিছে নৈপৰীয়া বহুকেইটা পৰিয়াললৈ ৷ পূৰ্বে কালদিয়া নৈৰ গৰাখহনীয়াত ভেটি-মাটি হেৰুৱাই প্ৰায় ২০টা পৰিয়ালে অন্য স্থানলৈ যাবলগীয়া হৈছিল ৷ এইবেলিও নৈপৰীয়া সাত/আঠটা পৰিয়ালৰ ঘৰ-মাটি কালদিয়াৰ বুকুত জাহ যোৱাৰ উপক্ৰম হৈছে ৷ অতিশীঘ্ৰে যদি স্থানীয় জনপ্ৰতিনিধি তথা বিভাগীয় কৰ্তৃপক্ষই গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে এইবাৰ কালদিয়া নৈৰ গৰাখহনীয়াত পুনৰাই বহুকেইটা পৰিয়ালৰ ভেটি-মাটি নৈৰ বুকুত যে বিলীন হ’ব সেয়া নিশ্চিত ৷

নিৰ্বাচনৰ সময়ত প্ৰতিশ্ৰুতি দিয়া স্থানীয় বিধায়ক তথা মন্ত্ৰী ইউ জি ব্ৰহ্মই নিৰ্বাচনত জয়লাভ কৰাৰ পাছত নৈপৰীয়া ৰাইজে এবছৰে বিধায়ক গৰাকীৰ ছাঁটোৱে দেখিবলৈ পোৱা নাই বুলি আক্ষেপ প্ৰকাশ কৰে ৷ স্থানীয় বিধায়ক তথা মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰি নৈপৰীয়া ৰাইজে অচিৰেই খহনীয়া ৰোধ কৰাৰ বাবে দাবী জনায় ৷

Exit mobile version