বাগসাৰ লাৱদাংগুৰীত বন্যহস্তীৰ তাণ্ডৱ : কথমপি ৰক্ষা পৰিল মহিলা

বাগসাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত লাৱদাংগুৰী পথাৰত বন্যহস্তীৰ তাণ্ডৱ ৷ যোৱা নিশা মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা এটা বন্যহস্তীয়ে তাণ্ডৱলীলা চলায় অঞ্চলটোত ৷

বন্যহস্তীটোৰ আক্ৰমণত কথমপি প্ৰাণ ৰক্ষা পৰে এগৰাকী মহিলাৰ ৷ মহিলাগৰাকী শুই থকা অৱস্থাতে অতৰ্কিতে আক্ৰমণ চলায় বাসগৃহটোত ৷ তাৰ পাছত কথমপি প্ৰাণ লৈ পলাবলৈ সক্ষম হয় মহিলাগৰাকী ৷

ইয়াৰ উপৰি গাঁওখনৰ লক্ষেশ্বৰ নাথ, নাৰায়ণ নাথ, ৰমীলা নাথ, স্বৰাজ নাথ, পানীৰাম নাথ নামৰ লোক কেইজনৰ কে’বাটাও বাসগৃহ ভঙাৰ লগতে বহু পৰিমাণৰ শস্যৰো ক্ষতিসাধন কৰে বন্যহস্তীটোৱে ৷

উল্লেখ্য যে নেৰানেপেৰা বৰষুণৰ ফলত যোৱা তিনিদিন ধৰি অঞ্চলটোত বিদ্যুৎ সংযোগ ব্যাহত হৈ থকাৰ সুযোগ গ্ৰহণ কৰি বন্যহস্তীটোৱে তাণ্ডৱ চলোৱা বুলি ভুক্তভোগী ৰাইজে জানিবলৈ দিয়ে ৷ মানাহ কাষৰীয়া অঞ্চলটোত প্ৰায়েই বন্যহস্তীৰ তাণ্ডৱ অব্যাহত থাকে যদিও বন বিভাগৰ লোকেও এই ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে ৷

Exit mobile version