বাৰাণসীৰ জ্ঞানবাপী মছজিদ চৌহদত নিয়োগ কৰা হল চি আৰ পি এফ

আদালতৰ নিৰ্দেশৰ পিছতে বাৰাণসীৰ জ্ঞানবাপী মছজিদ চৌহদত নিয়োগ কৰা হল চি আৰ পি এফ। উত্তৰ প্ৰদেশ প্ৰশাসনে বেছমেণ্ট, ওজুখানা আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহ ছীল কৰে।

ADVERTISEMENT

শনিবাৰৰ পৰা মছজিদটোৰ ভিতৰৰ গম্বুজ দুটা, মাটিৰ তলৰ অংশ আৰু পুখুৰী দুটাৰ পুংখানুপুংখভাৱে জৰীপ কৰি ভিডিঅ’ টেপিং কৰি সোমবাৰে বাৰাণসী আদালতত এক প্ৰতিবেদন দাখিল কৰে জৰীপকাৰী দলটোৱে। ইয়াৰ পিছতে আদালতে কেইবাটাও অঞ্চল ছীল কৰি চি আৰ পি এফ নিয়োগৰ নিৰ্দেশ দিয়ে। নগৰ-অধিবেশন আদালতৰ ন্যায়াধীশ ৰবিকুমাৰ দিবাকাৰে বাৰাণসী জিলা দণ্ডাধীশ, আৰক্ষী আয়ুক্ত আৰু এজন চি আৰ পি এফ কমাণ্ডেণ্ট (ছুপাৰ) পৰ্যায়ৰ বিষয়াক নিৰাপত্তা সুনিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে।

আবেদনকাৰী হিন্দুত্ববাদী দলটোৰ অধিবক্তা হৰিশংকৰ জৈনে সোমবাৰে কয় যে ওজুখানা পুখুৰীত শিৱলিংগ থকাৰ বাবেই আদালতে এই পদক্ষেপ গ্ৰহণ কৰিছে। ইফালে, সোমবাৰে উচ্চতম ন্যায়ালয়ে জনোৱা মতে, মঙলবাৰে জৰীপ আৰু ভিডিঅ’গ্ৰাফী নিষিদ্ধ কৰাৰ বাবে জ্ঞানবাপিত দাখিল কৰা আবেদনৰ শুনানি অনুষ্ঠিত হ’ব।

Exit mobile version