Kashmiri Pandit : ‘হয় কাশ্মীৰ এৰক নহয় মৰক !’ এইবাৰ ছপা অক্ষৰেৰে পণ্ডিতসকলক হুমকি দি পত্ৰ দিলে সন্ত্ৰাসবাদীয়ে

1652667452 kashmir

কাশ্মীৰৰ হিন্দু পণ্ডিতসকলক শীঘ্ৰে কাশ্মীৰ ত্যাগ কৰাৰ নির্দেশ দিলে সন্ত্ৰাসবাদী সংগঠন লস্কৰ-এ-ইছলামে । পত্ৰ প্ৰেৰণ কৰি কাশ্মীৰৰ পণ্ডিত সম্প্রদায়ক তেওঁলোকে জনাইছে, ‘হয় কাশ্মীৰ এৰক নহয় মৰক !’

বৃহস্পতিবাৰে কাশ্মীৰত পণ্ডিত সম্প্রদায়ৰ এজন চৰকাৰী চাকৰিয়ালক গুলি কৰি হত্যা কৰিছে সন্ত্ৰাসবাদীয়ে । ৰাহুল ভট্ট নামৰ যুৱকজনৰ হত্যা কৰা বুলি সন্ত্ৰাসবাদী সংগঠন ‘কাশ্মীৰ টাইগাৰ্ছে’ স্বীকাৰ কৰে । ঘটনাটোৰ প্রতিবাদত এতিয়াও ক্ষোভিত হৈ আছে কাশ্মীৰি পণ্ডিতসকল । তাৰ মাজতেই এই পত্ৰ ।

দেওবাৰে কাশ্মীৰৰ পুলৱামাৰ হালৱাত যি শৰণার্থী কলনিত কাশ্মীৰি পণ্ডিতসকল থাকে, তাত এই পত্ৰ আহিছে । হালৱাৰ শৰণার্থী কলনিৰ সভাপতিক লিখা এই পত্ৰত হত্যাৰ স্পষ্ট হুমকি দিয়া হৈছে কাশ্মীৰি পণ্ডিতসকলক ।

পত্ৰত লস্কৰ-এ-ইছলামৰ লেটাৰহেডত লিখা হয় — ‘সমস্ত শৰণার্থী আৰু ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘৰ প্রতিনিধিসকলক কৈছো, হয় পলাওক নহয় মৃত্যুৰ সন্মুখীন হওক ! যিসকল কাশ্মীৰি পণ্ডিতে কাশ্মীৰক ইজৰায়েল বনাব বিচাৰে, ইয়াৰ মুছলিমসকলক হত্যা কৰিব বিচাৰে, তেওঁলোকৰ কাশ্মীৰত স্থান নাই ।’

সন্ত্ৰাসবাদীসকলে স্পষ্টভাৱে পত্ৰখনত জনাইছে, বিচাৰিলে এই পণ্ডিতসকলে নিজৰ নিৰাপত্তা দ্বিগুণ কি তিনি গুণো কৰি ল’ব পাৰে, কিন্তু তাত লাভ নহ’ব । শেষৰ শাৰীত সন্ত্ৰাসবাদী সংগঠনটোৱে ঘোষণা কৰিছে, ‘তহঁত মৰিবিয়ে’ ।

Exit mobile version