Strange Disease : ৩০ বছৰ ধৰি উঠিব বহিব পৰা নাই এই গৰাকী যুৱতীয়ে

375778 strangedisease

এক অদ্ভুত কাহিনী! যোৱা ৩০ বছৰ ধৰি এক বিৰল ৰোগৰ চিকাৰ হৈছে এগৰাকী ৩২ বছৰীয়া পোলেণ্ডৰ যুৱতীয়ে । যাৰ ফলত, তেওঁ ৩০ বছৰ ধৰি থিয় হৈ আছে।

অসহনীয় বিষত ভুগি থকা স্বত্বেও, তেওঁ ২৪ ঘণ্টা থিয় হৈ থাকিব লগা হয়। এই সমস্যাৰ বাবে,আন পাঁচজন লোকতকৈ সম্পূৰ্ণ এটি পৃথক জীৱনযাপন কৰিব লগীয়া গৈছে উহানা ক্লিচে ।

প্ৰকৃততে কি হৈছে উহানাৰ

যুৱতীগৰাকীৰ পৰিয়ালৰ মতে, জন্মৰ সময়ত তেওঁৰ এটা সমস্যা হৈছিল। ফলস্বৰূপে, উহানাই সেই সময়ৰ পৰা বহিব নোৱাৰিলে। চিকিৎসা বিজ্ঞানৰ মতে, উহানাৰ নিতম্ব আৰু মেৰুদণ্ডই তেওঁৰ শৰীৰৰ ওজন বহন কৰিব নোৱাৰে।

Spinal Muscular Atrophy নামৰ এই ৰোগত ভুগি থকাৰ ফলত, তেওঁ এতিয়া দৈনন্দিন সকলো কামৰ বাবে আনৰ ওপৰত নিৰ্ভৰ কৰিব থাকিব লগীয়া হয়।

উহানাৰ মাতৃয়ে জনাইছে ,৩২ বছৰীয়া জীৱনত মাত্ৰ এবাৰে উহানা বহিবলৈ সক্ষম হৈছিল । তেতিয়াৰ পৰা এই পৰ্যন্ত আৰু তেওঁ কোনো দিনে বহিব পৰা নাই ।

নিজৰ এই জীৱনক আৰু উদযাপন কৰিব নিবিচাৰে উহানাই !

তেওঁ কয়, ২১ বছৰ বয়সৰ পৰ্যন্ত নিজৰ ক্লান্ত শৰীৰক বিভিন্ন ধৰণে কঢ়িয়াই ফুৰিছে । অসহনীয় বিষত ভুগি থকা স্বত্বেও দেশ-বিদেশত কাম কৰিবলৈ যাব লগা হৈছিল।

কিন্তু তেওঁ আৰু কৰিব নোৱাৰে। কাৰণ তেওঁৰ শৰীৰ অতি দুৰ্বল হৈ পৰিছে। আৰু এই শাৰীৰিক অসুস্থতাৰ বাবে, দিনে দিনে, উহানাই তেওঁৰ খঙৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাইছে।

উহানাই নিজেই জনাইছে, যে এই ৰোগৰ বাবে মই গোটেই জীৱন শুব পৰা নাই। মই নিজে কিবা এটা কৰিব বিচাৰো। মই আনৰ ওপৰত নিৰ্ভৰশীল হ’ব নিবিচাৰো।

Exit mobile version