অধ্যয়নৰ বাবে বহন কৰিবলৈ ডিম্বাণু বিক্ৰিৰে ধন উপাৰ্জন মাৰ্কিন যুৱতীৰ

science of reading

ছাত্র জীৱনত বহু তাকে ধন উপার্জনত নিয়ােজিত হয়। অধ্যয়ন ব্যয়ৰ লগত পৰিয়ালৰ আকি দুৰৱস্থাৰ কাৰণতাে বইতে অধ্যয়নৰ লগতে নানা ধৰণৰ কাম-কাজৰে ধন উপার্জন কৰে। কোনােবাই আনক টিউচন পঢ়ায়াে ধন আহৰণ কৰে।

কিন্তু কোনােবাই নিজৰ ডিম্বাণু বিক্ৰী কৰি পঢ়া-শুনাৰ খৰচ বহন কৰাৰ কথা ক’ৰবাত কেতিয়াবা শুনিছে নে ? হয়, এনে যুৱতীও এই বিশ্বত আছে। অধ্যয়নৰ ব্যয় বহন কৰিব লাগে নিজে ! তদুপৰি আছে বেংকৰ ৰা লােৱা ঋণৰ এক বৃহৎ বােজ।

এনে পৰিস্থিতিত ধন আহৰণৰ বাবে ডিবাণু বিক্ৰী কৰিছে আমেৰিকাৰ এগৰাকী ২৮ বছৰীয়া যুৱতীয়ে। নিউয়ৰ্কৰ নিবাসী কাছান্দ্রা জ’নছ এগৰাকী ছাত্রী। সম্প্রতি তেওঁ আমেৰিকাৰ এখন বিশ্ববিদ্যালয়ত উচ্চ শিক্ষা গ্রহণ কৰি আছে।

স্নাতকোত্তৰৰ ছাত্রী কাছান্দ্রাই এইদৰে অধ্যয়নৰ বাবে বেংকৰ পৰা যথেষ্ট পৰিমাণৰ ঋণ লৈছিল। এই ঋণৰ বােজা লাঘৱ কৰিবলৈ তেওঁ বিক্ৰী কৰিব লগা হৈছে। নিজৰ ডিম্বাণু। অধ্যয়নৰ প্রতি অতি আগ্ৰহী কাছান্দ্ৰাই দিনে ৰাতিয়ে যথেষ্ট পৰিশ্ৰম কৰে।

কেৱল ডিম্বাণু বিক্ৰী কৰাই নহয়, কাছান্দ্ৰাই তিনিটাকৈ অংশকালীন চাকৰিও কৰে। বিশ্ববিদ্যালয়ৰ শিক্ষা গ্রহনৰ মাজতে সময় উলিয়াই কাছান্দ্রাই কেইঘণ্টামান হােটেল, খাদ্যৰ বিপণী আদিত কাম কৰি ধন উপার্জন কৰে। আমেৰিকাত উচ্চ শিক্ষা গ্ৰহণ কৰাতাে যথেষ্ট ব্যয়বহুল।

স্নাতকোত্তৰ পাঠ্যক্রম অধ্যয়নৰ বাবে কাছান্দ্রই বেংকৰ পৰা এক লাখ ৬৭ হেজাৰ ডলাৰ ঋণ লৈছিল। প্রতি বছৰে বিশ্ববিদ্যালয়ত অধ্যয়নৰ মাচুল আদায় দিব লাগে ৪০ হেজাৰ ডলাৰ। এই ধন কাছান্দ্রাই নিজে উপার্জন কৰে। কাছান্দ্রাৰ কোনাে অভিভাৱক নাই, সেয়েহে নিজে নিজৰ ব্যয় বহন কৰিব লাগে।

অধ্যয়নৰ প্ৰতি আগ্রহ থকা হেতুকে তেওঁ উচ্চ শিক্ষা গ্রহণ অব্যাহত ৰাখিছে। তিনিটাকৈ অংশকালীন চাকৰি , কৰিও প্রয়ােজনীয় অর্থ লাভ কৰিব নােৱাৰাত কাছান্দ্রাই ডিম্বাণু বিক্ৰী কৰিবলৈ বাধ্য হৈছে। নিজৰ বন্ধুৰ জৰিয়তে কাছান্দ্রাই ডিম্বাণুদানৰ কথা জানিব পাৰিছিল।

লগে লগে ধনৰ বিনিময়ত ডিম্বাণু বিক্ৰীৰ কামত জড়িত হৈছিল কাছান্দ্রা। সম্প্রতি তেওঁ কেলিফর্ণিয়াৰ এটা ফার্টিলিটি ক্লিনিকত ডিম্বাণু বিক্ৰী কৰে। আমেৰিকাত ডিম্বাণু দান এক সাধাৰণ ঘটনাত পৰিণত হৈছে। প্রতিবাৰ ডিম্বাণু দানৰ জৰিয়তে কাছান্দ্রাই লাভ কৰে ১০ হেজাৰ ডলাৰ। অৱশ্যে ডিম্বাণু দানৰ ফলত শৰীৰৰ ক্ষতি হ’ব পাৰে আৰু সেয়েহে ডিম্বাণুদাতাই বিশেষ হৰম’নৰ বেজি ল’ব লাগে।

এই কথা জনাৰ পাছতাে কাছান্দ্রাই ডিম্বাণু বিক্ৰী কৰিছে নিজৰ উচ্চ শিক্ষা গ্ৰহণৰ স্বপ্ন পূৰণ কৰিবলৈ।বর্তমানলৈকে পাঁচবাৰ ডিম্বাণু দান কৰি তেওঁ মুঠ ৫০ হেজাৰ ডলাৰ উপার্জন কৰিছে। এই সম্পূর্ণ ধন কাছান্দ্রাই বেংকৰ পৰা লােৱা ঋণ পৰিশােধত ব্যয় কৰিছে। এতিয়াও বহু ঋণ পৰিশােধ কৰিব লাগিব কাছান্দ্রাই। ইয়াৰ বাবে ডিম্বাণু বিক্ৰী অব্যাহত ৰাখিছে যুৱতীগৰাকীয়ে।

Exit mobile version