দিনটোৰ ৰাশিফল

16503614614344

মেষঃ শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা ৩ । হাতলৈ টকা-প‌ইচা আহিব । পুৰণা কেচ মোকৰ্দমাত জয় হ’ব । আনৰ পৰা পোৱা সহায়ে উৎসাহিত কৰিব । আজিৰ দিনটোত কৰা ভাল চিন্তাই আপোনাৰ জীৱন সলনি কৰিব পাৰে ।

বৃষঃ শুভ ৰং বগা, শুভ সংখ্যা ৭ । বন্ধুৰ লগত মনোমালিন্য হোৱাৰ ভয় আছে । পুৰণা ৰোগত ভোগা সকলে কষ্ট পাব পাৰে । সন্তানে কৰা ভাল কামৰ বাবে আনন্দ পাব । ব্যৱসায়ত সুফল পাবলৈ কষ্ট কৰিব লাগিব ।

মিথুনঃ শুভ ৰং হালধীয়া, শুভ সংখ্যা ৪ । আপোনাৰ বাবে আনন্দপূৰ্ণ দিন । ঘৰলৈ মূল্যবান সম্পতি আহিব পাৰে । সন্তানে কৰা ভাল কামৰ বাবে সন্মান লাভ কৰিব । হাতলৈ টকা-প‌ইচা আহিব । সময়ৰ কাম সময়ত নকৰাৰ বাবে আৰ্থিক ক্ষতি হ’ব পাৰে ।

কৰ্কটঃ শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৯ । অনাৱশ্যক খঙৰ বাবে আৰ্থিক ক্ষতি হোৱাৰ ভয় । সহায় কৰি প্ৰতিদান নল’ব । কৰ্মত বাধা দেখা যায় । ব্যৱসায়ত শুভ ।

সিংহঃ শুভ ৰং বগা, শুভ সংখ্যা ৫ । পৰিয়ালৰ ব্যক্তিৰ লগত মনোমালিন্য হোৱাৰ ভয় । চাকৰিৰ স্থান হ’ব পাৰে । ব্যৱসায়ত মধ্যম ফল পাব । হাত-ভৰিত আঘাত পাব পাৰে । আনৰ পৰা আৰ্থিক সহায় পাব ।

কন্যাঃ শুভ ৰং হালধীয়া, শুভ সংখ্যা ৬ । চাকৰিয়ালৰ পদোন্নতি হোৱাৰ আশা আছে । নতুন ব্যৱসায়ৰ সন্ধান পাব পাৰে । সন্তানৰ অপকৰ্মৰ বাবে সন্মান হানি হোৱাৰ ভয় ।

তুলাঃ শুভ ৰং নীলা, শুভ সংখ্যা ৩ । আজি আপোনাৰ হাতেৰে শুভ কামৰ আৰম্ভ হ’ব পাৰে । শৰীৰ অসুস্থ হোৱাৰ ভয় । সন্তানৰ ভাল কামে আনন্দ দিব ।

বৃশ্চিকঃ শুভ ৰং আকাশী নীলা, শুভ সংখ্যা ৮ । সংযম ৰাখি কথা পাতিব । হাতলৈ টকা আহিব যদিও খৰচ বাঢ়িব । আনে লোৱা টকা ঘূৰাই পাব ।

ধনুঃ শুভ ৰং গোলাপীয়া, শুভ সংখ্যা ৫ । ঘৰলৈ মূল্যবান সম্পতি আহিব । যিকোনো কামৰ সুফল লাভ কৰিব । বিবাহৰ প্ৰস্তাৱ আহিব পাৰে । সন্তানৰ ভাল কামে আনন্দ দিব ।

মকৰঃ শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৯ । ব্যৱসায়ত লাভ কৰিব পাৰিব । চাকৰিৰ বাবে চেষ্টা কৰা সকলে ভাল খবৰ পাব । শিক্ষাৰ্থীৰ বাধা আহিব পাৰে ।

কুম্ভঃ শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা ২ । আৰ্থিক সমস্যাৰ বাবে ক্ষতি হোৱাৰ ভয় । ব্যৱসায়ীসকলে টকা-প‌ইচাৰ লেনদেন নিজৰ হাতেৰে কৰিব । বন্ধুৰ লগত মনোমালিন্য হোৱাৰ ভয় । চাকৰিৰ স্থানৰ পৰিৱৰ্তন হ’ব পাৰে ।

মীনঃ শুভ ৰং বগা, শুভ সংখ্যা ৮ । বিদ্যাৰ্থীসকলৰ বাবে শুভ দিন । নিজৰ ভুলৰ বাবে টকা-প‌ইচাৰ হানি হ’ব পাৰে চাকৰি প্ৰত্যাষিসকলৰ ভাল খবৰ আহিব পাৰে । সন্তানৰ শুভ ।

Exit mobile version