বিমানৰ ইন্ধনৰ মূল্য বৃদ্ধি, বাঢ়িব বিমানৰ টিকটৰ মূল্য

modern civil passenger airliner taking 260nw 555148006

দেশত বিমান ভ্ৰমণৰ ব্যয় বৃদ্ধি পাব। বিমানৰ ইন্ধনৰ মূল্য পুনৰ বৃদ্ধি পালে। বিমান ইন্ধনৰ মূল্য পুনৰ পাঁচ শতাংশ বৃদ্ধি পােৱাৰ ফলত চলিত বৰ্ষত দশম বাৰলৈ মূল্যবৃদ্ধি হ’ল।

ইফালে, চি এন জিৰ মূল্যও প্রতি কিলােগ্রামত দুটকাকৈ বৃদ্ধি কৰা হৈছে। ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত চি এন জিৰ মূল্য ৭৩.৬১ টকালৈ প্রতি কিলােত বৃদ্ধি পালে।

ইফালে, শেহতীয়াকৈ বিমানৰ ইন্ধনৰ মূল্য প্রতি লিটাৰত ৬,১৮৮ টকালৈ বৃদ্ধি পালে। বিমান ইন্ধনৰ মূল্য যােৱা মার্চত ১৮.৩ আৰু এপ্রিলত দুই শতাংশ বৃদ্ধি কৰা হৈছিল। ইন্ধনৰ মূল্য বৃদ্ধিৰ ফলত বিমানৰ টিকটৰ মূল্য বৃদ্ধি পােৱাটো নিশ্চিত হ’ল।

Exit mobile version