COVID-19 : ক’ভিড আপডেট

covid 19 test in delhi ee06364a ef31 11ea a6a9 ef65eb2fa0ec

দেশজুৰি আৰু কিছু হ্ৰাস পালে কৰ’নাৰ দৈনিক সংক্রমণৰ সংখ্যা । লগতে ক’ভিড আক্রান্তৰ সংখ্যা বহুদিন পাছত দুহেজাৰৰ তলত নামিছে । বিগত ২৪ ঘণ্টতয় ভাৰতত নতুনকৈ এহেজাৰ ৫৬৯ জন ক’ভিডত আক্রান্ত হৈছে ।

সোমবাৰে কৰ’না আক্রান্তৰ সংখ্যা আছিল দুহেজাৰ ২০২ । দেশত এই পর্যন্ত মুঠ ক’ভিড আক্রান্তৰ সংখ্যা চাৰি কোটি ৩১ লাখ ২৫ হেজাৰ ৩৭০ জন ।

কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ে দিয়া ক’ভিড বুলেটিন অনুযায়ী, ক’ভিড আক্রান্ত হৈ মুঠ ১৯ জনৰ এদিনত মৃত্যু হৈছে । সোমবাৰে মৃত্যু হৈছিল ২৭ জনৰ ।

ক’ভিড আক্রান্ত হৈ দেশত মুঠ মৃত্যুৰ সংখ্যা বাঢ়ি হৈছে পাঁচ লাখ ২৪ হেজাৰ ২৬০ জন । দেশত মুঠ সক্রিয় ৰোগীৰ সংখ্যা ১৬ হেজাৰ ২৬০ ।

যোৱা ২৪ ঘণ্টাত সক্রিয় ৰোগীৰ সংখ্যা কমিছে ৯১৭ । সুস্থতাৰ হাৰ ৯৮.৭৪ শতাংশ ।

ৰাজধানী দিল্লীতো আক্রান্তৰ সংখ্যা কমিছে । দিল্লীত বিগত ২৪ ঘণ্টাত মুঠ ৩৭৭ জন কৰ’না আক্রান্ত হৈছে । সোমবাৰে এই সংখ্যা আছিল ৬১৩ ।

অৱশ্যে এতিয়াও শীর্ষত দিল্লী । দৈনিক সংক্রমণৰ নিৰিখত দ্বিতীয় স্থানত কেৰালা । কেৰালাত বিগত ২৪ ঘণ্টাত ৩১১ জন আক্রান্ত হৈছে ।

Exit mobile version