Diabetes : তিনিটা উপায় : কমিব তেজৰ শর্কৰাৰ মাত্রা, হঠাৎ বঢ়া-কমাৰ সমস্যা

1636122898 05 diabetes 1

ডায়েবিটিছ কেতিয়াও অকলে নাহে । লগত লৈ আহে একাধিক গুৰুতৰ ৰোগ । সেয়ে সময় থাকোতেই সতর্ক হোৱা প্রয়োজন । যিসকলৰ ডায়েবিটিছ নিই, কিন্তু ডায়েবিটিছৰ পূর্বৱর্তী লক্ষণ আছে তেওঁলোকৰ ক্ষেত্রতো যাতে তেজত শর্কৰাৰ মাত্রা অকস্মাৎ বাঢ়ি নাযায়, তাৰ প্ৰতি লক্ষ্য ৰখা জৰুৰী । তাৰ বাবে মিনি চলিব লাগিব বেচ কিছু নিয়ম ।

১। নিয়মিত ফাইবাৰ সমৃদ্ধ খাদ্য গ্ৰহণ কৰিব লাগিব । ডায়েবিটিছ বা প্রাক-ডায়েবিটিছৰ লক্ষণ থাকিলে সাধাৰণতে খাদ্য বাছি খাব লাগে । কিন্তু বহু সময়তে নিজৰ ওপৰত নিয়ন্ত্রণ নাথাকে । বিশেষজ্ঞসকলৰ মতে, যদি নিতান্তই কিছু খাব ইচ্ছা কৰে, তেন্তে আগতে পর্যাপ্ত পৰিমাণৰ ফাইবাৰ সমৃদ্ধ খাদ্য খাওক । ফাইবাৰ লাহে লাহে হজম হয় । ফলত শর্কৰাৰ মাত্রা হঠাৎ বৃদ্ধি পোৱাত শংকা কমে ।

২। আহাৰ গ্ৰহণ কৰাৰ পাছত শুই-বহি থকা উচিত নে ? বিশেষজ্ঞসকলৰ মতে, তেজত শর্কৰাৰ মাত্রা নিয়ন্ত্রণত ৰাখিবলৈ আহাৰ গ্ৰহণ কৰাৰ পাছত প্ৰায় ১০ মিনিট লাহে লাহে খোজকাঢ়ক । শুই-বহি নাথাকিব । নিয়মিত শৰীৰচর্চা কৰিব পাৰিলেতো আৰু ভাল । তিনি বেলা আহাৰ গ্ৰহণ কৰাৰ পাছত পাছত ১৫ মিনিট খোজকাঢ়িলে বহু পৰিমাণে নিয়ন্ত্রণত থাকে তেজৰ শর্কৰাৰ মাত্রা ।

৩। একবাৰতে অধিক নহয়, অলপ অলপকৈ নির্দিষ্ট সময়ৰ ব্যৱধানত আহাৰ গ্ৰহণ কৰিব । বিশেষকৈ শর্কৰা জাতীয় খাদ্য খাওঁতে, অলপ অলপকৈ কে’বাটাও ভাগত ভাগ কৰি খোৱা ভাল । এবেলা নোখোৱাকৈ অন্য বেলা অধিক পৰিমাণে খালে হিতে বিপৰীত হ’ব পাৰে । প্ৰয়োজন হ’লে দিনে তিনি বেলাৰ পৰিৱৰ্তে পাঁচবাৰ খাদ্য খাওক, পৰিমিত পৰিমাণে । ফলত হঠাৎ শর্কৰাৰ মাত্রা হ্রাস-বৃদ্ধিৰ সমস্যা কমিব বহু পৰিমাণে ।

Exit mobile version