Supreme Court : অযৌক্তিক আবেদন ! জনস্বার্থ গোচৰকাৰীক আঠ লাখ টকা জৰিমনা বিহিলে উচ্চতম ন্যায়ালয়ে

1652787876 delhi2

ৰাজধানী দিল্লীত ১০ বছৰৰ পুৰণি ডিজেলচালিত গা়ড়ী আৰু ১৫ বছৰৰ পুৰণি পেট্রলচালিত গাড়ীৰ নিষেধাজ্ঞাক প্ৰত্যাহ্বান জনাই কৰা জনস্বার্থ গোচৰকাৰীক আঠ লাখ টকা জৰিমানা বিহিলে উচ্চতম ন্যায়ালয়ে । আদালতৰ পর্যবেক্ষণে এই আবেদনৰ সাৰাংশ বহন কৰে ।

ন্যায়াধীশ এল নাগেশ্বৰ ৰাওৱে, ন্যায়াধীশ এএছ বোপান্না আৰু ন্যায়াধীশ বিআৰ গাভাইৰ বেঞ্চে জনায়, অধিবক্তা অনুৰাগ ছাক্সেনাই যি জনস্বার্থ গোচৰটো দাখিল কৰিছে সেয়া প্রকৃতপক্ষে অসাৰ । লগতে এই অধিবক্তা কোনো গোচৰ যেন সংশ্লিষ্ট বেঞ্চত নাহে, সেয়াও নির্দেশ দিছে ন্যায়াধীশসকলে ।

প্রসংগত, ২০১৮-ত উচ্চতম ন্যায়ালয়ত দিল্লীৰ পৰিবহণ দপ্তৰক নির্দেশ দিয়ে তেওঁলোকে যেন ১০ বছৰৰ পুৰণি ডিজেলচালিত গাড়ী আৰু ১৫ বছৰৰ পুৰণি পেট্রলচালিত গাড়ীক ৰাজধানীৰ পথত নমোৱাত নিষেধাজ্ঞা জাৰি কৰে । অনুৰাগে সেই নির্দেশকেই প্ৰত্যাহ্বান জনাই গোচৰ ৰুজু কৰে । সেই গোচৰৰ শুনানিতে মঙলবাৰে উচ্চতম ন্যায়ালয়ে জনস্বার্থ গোচৰটো অসাৰ বুলি অভিহিত কৰি গোচৰকাৰী অধিবক্তাক আঠ লাখ টকা জৰিমনা বিহে ।

গোচৰকাৰীৰ দাবী আছিল, ‘ইতিমধ্যে চলি থকা গাড়ীৰ ওপৰত নিষেধাজ্ঞাৰ ফলত আৰু অধিক পৰিমাণে কার্বন নির্গমনৰ পথ সুগম হ’ব । কাৰণ গাড়ী প্রস্তুতকাৰকসকলে নতুন গাড়ী তৈয়াৰ কৰিব, আৰু সেই কামত আৰু অধিক কার্বন নির্গমন হ’ব । সেয়ে ১০ আৰু ১৫ বছৰৰ গাড়ীক নিষিদ্ধ কৰাৰ প্ৰকৃত উদ্দেশ্য বিফল গৈছে । লগতে প্রশ্ন তোলা হয়, কেৱল কিছুসংখ্যক স্থানত এই নিষেধাজ্ঞা জাৰি কৰি লাভ কি ? কিয় সকলো ঠাইতেই এনে নিষেধাজ্ঞা জাৰি কৰা হোৱা নাই ?

ৰায়ত ন্যায়াধীশ ৰাৱে গোচৰকাৰীক কয়, ‘‘আপুনি নেছনেল গ্রীন ট্রিব্যুনেলৰ লগতে অন্যান্য সমস্ত নির্দেশনামা দেখিছে । তৎসত্ত্বেও আপুনি এই আবেদন কৰিছে । আপুনি নিজে নিশ্চিত নে ? আমি আপোনাৰ ওপৰত মোটা অংকৰ জৰিমনা ধার্য কৰিছো । লগতে এনে মন্তব্যও আছে, যিয়ে আপোনাৰ জীৱিকা জীৱনৰ দীর্ঘম্যাদতো প্রভাৱ পেলাব ।’’

Exit mobile version