অৱশেষত জামিন পালে ছিনা বৰা হত্যাকাণ্ডৰ মূল অভিযুক্ত ইন্দ্রাণী মুখোপাধ্যায়ে

1510

জামিন পালে ছিনা বৰা হত্যাকাণ্ডৰ (Sheena Bora murder case) মূল অভিযুক্ত ইন্দ্রাণী মুখোপাধ্যায়ে (Indrani Mukherjea) । বুধবাৰে উচ্চতম ন্যায়ালয়ে (Supreme Court) তেওঁক জামিন দিয়ে । ২০১৫ৰ পৰা কাৰাগাৰত আছিল আই এন এক্স গ্ৰুপৰ মিডিয়া এগ্‌জিকিউটিভ । আজি শীর্ষ আদালতৰ তৰফৰ পৰা জনোৱা হয়, “আমি ইন্দ্রাণী মুখোপাধ্যায়ৰ জামিন মঞ্জুৰ কৰিছো । চাৰে ছয় বছৰৰো অধিক দীর্ঘ সময় ।”

আজি শীৰ্ষ ন্যায়ালয়ে তেওঁলোকক নির্দেশত জনাইছে,, “বিগত চাৰে ছয় বছৰ ধৰি ইন্দ্রাণী মুখোপাধ্যায় হেফাজতত আছে । এই গোচৰটো অৱস্থাগত প্রমাণৰ ভিত্তিত গঠিত হৈছে । আমি গোচৰৰ গুণগত অৱস্থাক লৈ একো মন্তব্য কৰা নাই । যদি আমি ৫০ শতাংশ সাক্ষ্যক এৰিও দিওঁ তেতিয়াও এই গোচৰৰ নিষ্পত্তি সহজে নহ’ব । তেওঁক জামিন দিয়া হ’ল । নিম্ন আদালতৰ সন্তুষ্টিৰ ওপৰত ভিত্তি কৰি তেওঁক জামিনত মুক্তি দিয়া হ’ব । পিটাৰ মুখোপাধ্যায়ৰ ওপৰত যি চর্ত প্রযোজ্য আছে, সেয়া তেওঁৰ ওপৰতো থাকিব ।”

২০০২ত সঞ্জীৱৰ স’তে সম্পর্ক ছেদ কৰি পিটাৰ মুখোপাধ্যায়ক বিয়া কৰায় ইন্দ্রাণীয়ে । প্রথমে পিটাৰক (Peter Mukerjea) নিজৰ কন্যাক ভগ্নী হিচাপে পৰিচয় দিছিল ইন্দ্রাণীয়ে । ছিনাৰ হত্যাৰ ঘটনা প্রকাশ্যত আহে ২০১৫ ত অন্য এটা গোচৰত ইন্দ্রাণীৰ গাড়ীৰ চালক শ্যাম ৰায়ৰ গ্রেপ্তাৰীৰ পাছত । ইন্দ্রাণীসহ ছিনা বৰা হত্যাকাণ্ডত আৰু দুই অভিযুক্ত ইন্দ্রাণীৰ প্রাক্তন স্বামী সঞ্জীৱ খান্না আৰু চালক শ্যাম ৰাই ।

চিবিআইয়ে দাবী কৰিছিল, ছিনা আৰু পিটাৰৰ আগৰ পক্ষৰ পুত্ৰ ৰাহুলৰ সম্পর্ক মানি ল’ব পৰা নাছিল পিটাৰ আৰু ইন্দ্রাণীয়ে । সেয়ে ইন্দ্রাণীয়ে ছিনাক হত্যা কৰে ।

এই গোচৰত গ্রেপ্তাৰ হৈছিল পিটাৰ মুখোপাধ্যায়ও । তেওঁ ২০২০ত জামিনত মুক্তি পাইছে । তাৰ আগতে ২০১৯ত ডিভ’ৰ্চ হয় পিটাৰ আৰু ইন্দ্রাণীৰ । ইতি পৰে ১৭ বছৰৰ দাম্পত্য জীৱনৰ । ২০১৭ৰ পৰা আৰম্ভ হয় ছিনা বৰা গোচৰৰ শুনানি । এই ক্ষেত্ৰত প্রায় ৬০ জনৰ সাক্ষ্য গ্রহণ কৰা হয় । এবছৰ হ‌ওঁ হ‌ওঁতে ইন্দ্রাণীয়ে হঠাৎ দাবী কৰে, ছিনা জীয়াই আছে । শ্রীনগৰত তেওঁৰ কোনো কোনো বন্ধু বান্ধৱে ছিনাক দেখিছে বুলি তেওঁ দাবী কৰে । অৱশ্যে চিবিআই-য়ে এই দাবীক নস্যাৎ কৰি দিয়ে ।

Exit mobile version