দিনটোৰ ৰাশিফল

16503614614344

মেষঃ শুভ ৰং বেঙুনীয়া, সংখ্যা ৩, বিয়াৰ প্ৰস্তাৱ পাব পাৰে । ব্যৱসায়ীৰ হাতলৈ ধন আহিব । আজি টকা আনক ধাৰলৈ নিদিব । চাকৰিয়ালৰ শুভ । শিক্ষাৰ্থীৰ বাধা আছে । শিৱ মন্দিৰত থকা ভিক্ষাৰিক ৰঙা ৰঙৰ ফল খোৱাব ।

বৃষঃ শুভ ৰং হালধীয়া, সংখ্যা ৫, পুৰণা মুকৰ্দমাত জয় হোৱাৰ আশা আছে । অনাকাংক্ষিত সমস্যাত পৰিব পাৰে, শৰীৰ সুস্থ থাকিব । টকা-প‌ইচাৰ অভাৱ পাব পাৰে । লক্ষ্মীৰ আৰাধনা কৰিব । লো দান কৰিব পাৰে ।

মিথুনঃ শুভ ৰং সেউজীয়া, সংখ্যা ৭, ঘৰলৈ বিশেষ ব্যক্তিৰ আগমনে আপোনাক উপকৃত কৰিব । শিক্ষাৰ্থীৰ শুভ । হাতলৈ টকা-প‌ইচা আহিব । পৰি আঘাত পাব পাৰে । ঘৰৰ মূল দৰ্জাৰ ওচৰত এটা পাত্ৰত পানী ৰাখিব ।

কৰ্কটঃ শুভ ৰং ৰঙা, সংখ্যা ৬, বন্ধুৰ সহায়ে সমস্যা দূৰ কৰিব ।‌ শুভ কাম আৰম্ভ কৰিব পাৰে । ব্যৱসায়ত কিছু সমস্যা আছে যদিও সমাধান হ’ব । টকা ধাৰ লোৱা বা দিয়া এটাও নকৰিব । তুলসীৰ তলত ধূপ-চাকি জ্বলাব ।

সিংহঃ শুভ ৰং গোলপীয়া, সংখ্যা ৮, আনক সহায় কৰি সন্মান পাব । চোৰ ডকাইতৰ পৰা সাৱধান হ’ব । ঘৰৰ মূল্যবান সম্পত্তি হেৰাব পাৰে । অৰ্থৰ নাতনি হ’ব পাৰে । ঘৰ পৰিষ্কাৰ কৰি গৃহলক্ষ্মীৰ আৰাধনা কৰিব ।

কন্যাঃ শুভ ৰং নীলা, সংখ্যা ৯, ব্যৱসায়ীৰ উন্নতিৰ যোগ । শত্ৰুৰ পৰা সাৱধান । খৰচ বাঢ়িব । অচিনাকি লোকৰ পৰা দূৰত থাকিব ।

তুলাঃ শুভ ৰং আকাশী নীলা, সংখ্যা ৮, দুৰ্ঘটনা ঘটিব পাৰে । সন্তানৰ দ্বাৰা অবাবত অৰ্থহানি হ’ব পাৰে । বিদ্যাত উন্নতি হ’ব পাৰে । চাকৰিয়ালে বদলিক লৈ সমস্যাত পৰিব পাৰে । শনি মন্দিৰত ধূপ চাকি শনিৰ পাঠ কৰিব ।

বৃশ্চিকঃ শুভ ৰং গেৰুৱা, সংখ্যা ৪, অচিনাকি ব্যক্তিৰ দ্বাৰা সমস্যাত পৰিব পাৰে । আনক সহায় কৰি সন্মানিত হ’ব । চাকৰি স্থায়ীকৰণ হ’ব । কৰ্মত নিযুক্তি হ’ব । হনুমান মন্দিৰত ফল দিয়ক ।

ধনুঃ শুভ ৰং নীলা, সংখ্যা ৭, দুখৰ সময়ত বন্ধুৰ পৰা সহায় পাব । শুভ কাম আজি নকৰাই ভাল হ’ব । ব্যৱসায়ত সাৱধানণা অবলম্বন কৰিব । শিক্ষাৰ্থীৰ শুভ । ক’লা তুলসী পাতত চন্দন লগাই শ্ৰী বিষ্ণুৰ চৰণত দিব ।

মকৰঃ শুভ ৰং ৰঙা, সংখ্যা ৫, স্বাস্থ্যৰ প্ৰতি অধিক যত্ন ল‌ওক । অৰ্থ হানিৰ যোগ দেখা যায় । পৰিয়ালত বিবাদ হ’ব পাৰে । ব্যৱসায়ত লেনদেন কৰোতে সাৱধান হ’ব । লাভ বৃদ্ধি হ’ব । সূৰ্য দেৱতাক স্মৰণ কৰিব ।

কুম্ভঃ শুভ ৰং হালধীয়া, সংখ্যা ৩, শুভ কাম কৰাৰ সিদ্ধান্ত ল’ব পাৰে । ঘৰৰ পৰা মূল্যবান বস্তু হেৰাব পাৰে । চাকৰিৰ বাবে চেষ্টা কৰক ফল পাব ।

মীনঃ শুভ ৰং নীলা, সংখ্যা ২, আত্মীয়ৰ কাৰণে সমস্যাত পৰিব । সাংসাৰিক অশান্তি বাঢ়িব । সন্তানৰ কাৰণে আনৰ কথা শুনিব লগা হ’ব পাৰে । হাতলৈ টকা আহিব কিন্তু খৰচ বৃদ্ধি পাব । ঘৰৰ চৌপাশ পৰিষ্কাৰ কৰি চাৰি কোণত চাৰিডাল ধূপ জ্বলাই সূৰ্যলৈ চাই পানী ঢালিব ।

Exit mobile version