ফুচকাৰ জনপ্ৰিয়তা

ষ্ট্ৰীট ফুড বুলি ক’লে সাধাৰণতে আমাৰ সকলোৰে মনলৈ প্ৰথম আহে ফুচকা । এই খাদ্য বিধৰ নাম শুনিলেই আমাৰ প্ৰায়ভাগৰে জিভাৰ পানী পৰাতো স্বাভাৱিক ৷

জেষ্ঠজনৰ পৰা শিশুলৈকে সকলোৰে প্রিয় তালিকাত ফুচকা থকাটো নিশ্চিত । ফুচকা খাই বেয়া পোৱা লোক বহু কম সংখ্যকহে আছে । অঞ্চলভেদে বহুতো ঠাইত এই খাদ্য বিধৰ নাম বেলেগ ।

সাধাৰণতে ফুচকা আটা আৰু চুজিৰে প্ৰস্তুত কৰা এটা গোলাকৃতিৰ সৰু লুচিৰ মাজত আলুৰ স’তে মচলাযোগ কৰি তেঁতেলী পানীৰ স’তে পৰিবেশন কৰা হয়।

পথৰ কাষত থকা সৰু ডাঙৰ সকলো ফুচকা ষ্টলত প্ৰতিদিনেই আমি মানুহৰ ভিৰ দেখিবলৈ পাওঁ । গুৱাহাটীৰ বিভিন্ন অলিয়ে গলিয়ে এনে ফুচকা ষ্টল আছে য’ত পুৱাৰ পৰাই ফুচকা খাবলৈ লাইন লাগি থাকে ।

তেনে এখন সদাব্যস্ত ষ্টল আছে গুৱাহাটীৰ কাহিলিপাৰাৰ ছাই বাবা মন্দিৰৰ কাষত । তেওঁৰ নাম ৰঞ্জিত গুপ্তা ।বিগত সাত আঠ বছৰৰ পৰা তেওঁ সেই একে স্থানতে ফুচকা ষ্টল দি পৰিয়াল পোহ পাল দি আহিছে ।

তেওঁৰ সেই ফুচকা দোকানখন দিয়ে দৈনিক কমেও একৰ পৰা দুই হেজাৰ টকাৰ উপাৰ্জন কৰি আছে । ক’ভিডৰ পাছত ফুচকাৰ ব্যৱসায় বেয়া হৈছিল যদিও ক্ৰমান্বয়ে পুনৰ ভাল অৱস্থালৈ আহিছে।

Exit mobile version