Pollution : প্ৰদূষণৰ প্ৰভাৱত মৃত্যুৰ তালিকাত শীর্ষত ভাৰত ! প্রতি বছৰে প্রাণ হেৰুৱাইছে ২৪ লক্ষ‌ই

2021 9largeimg 1855667548

প্ৰদূষণ-মানচিত্রত বিশ্বত শীর্ষস্থানত আছে ভাৰত । প্রতি বছৰ বায়ু, পানী, জৈৱ আৰু উদ্যোগ বর্জ্য, যানবাহন ইত্যাদিৰ পৰা প্ৰদূষণজনিত কাৰণত ভাৰতত প্ৰায় ২৪ লাখ লোকৰ মৃত্যু হৈছে ! প্ৰদূষণ তালিকাত দ্বিতীয় স্থানত থকা চীনত বার্ষিক মৃত্যুৰ সংখ্যা ২২ লাখ ! সম্প্রতি প্ৰদূষণ সংক্রান্ত এটা আন্তর্জাতিক সমীক্ষাত এই তথ্য জনোৱা হৈছে ।

‘দ্য লেনছেট প্লেনেটাৰি হেল্থ জার্নেল’ত প্রকাশিত প্ৰদূষণ সংক্রান্ত সমীক্ষা প্ৰতিবেদনত জনাইছে, প্রতি বছৰ প্ৰদূষণজনিত কাৰণত বিশ্বত প্ৰায় ৯০ লাখ লোকৰ মৃত্যু হয় । এই তালিকাত সপ্তম স্থানত আছে আমেৰিকা । তাত প্ৰদূষণত বছৰি এক লাখ ১২ হেজাৰৰো অধিক লোকৰ মৃত্যু হয় ।

২০০০ৰ পৰা পৰৱর্তী দুই দশকত প্ৰদূষণত মৃত্যুৰ সংখ্যা ৫৫ শতাংশৰো অধিক বৃদ্ধি পাইছে বুলি জনোৱা হৈছে এই সমীক্ষাত । সমীক্ষক দলৰ অন্যতম সদস্য, আমেৰিকাৰ বষ্টন কলেজৰ ‘গ্ল’বেল পাবলিক হেল্থ প্র’গ্রেম’ আৰু ‘গ্ল’বেল পলিউছন অবজাৰভেটৰি’ৰ ডিৰেক্টৰ ফিলিপ লেণ্ডৰিগানে জনাইছে, প্ৰদূষণত মৃতসকলৰ বৃহৎ অংশ ‘পেচিভ স্ম’কিং’ৰ বলি ।

প্রসংগত, ২০১৮ত এটা আন্তর্জাতিক সমীক্ষাত বিশ্বৰ ১৮০খন দেশৰ ভিতৰত প্ৰদূষণৰ-তালিকাত ১৭৭ নম্বৰত ঠাই পাইছিল ভাৰতে । ইয়াৰ পাছত ‘ষ্টেট অৱ গ্ল’বেল এয়াৰ ২০১৯’-ৰ প্ৰতিবেদনত জনাইছিল, বায়ু প্ৰদূষণৰ প্রভাৱত প্রতি বছৰে ভাৰতত ১২ লাখ লোকে প্ৰাণ হেৰুৱাইছে ।

Exit mobile version