কুতুবুদ্দিন আইবক নহয়, সূর্যৰ অৱস্থান চাবলৈ পঞ্চম শতাব্দীত কুতুব মিনাৰ বনাইছিল ৰজা বিক্রমাদিত্যই । বিস্ফোৰক দাবী কৰিলে ভাৰতীয় সর্বেক্ষণ বিভাগৰ (এএছআই) প্রাক্তন আঞ্চলিক বিষয়া ধর্মবীৰ শর্মাই ।
তেওঁ কয়, “এইটো কুতুব মিনাৰ নহয় । সূর্যৰ অৱস্থান পর্যবেক্ষণকাৰী মিনাৰ । পঞ্চম শতিকাত ৰজা বিক্রমাদিত্যই এই মিনাৰ নিৰ্মাণ কৰিছিল । মোৰ তাত এই বিষয়ত বহু প্রমাণ আছে ।” এএছআই-ৰ হৈ তেওঁ বহুবাৰ কুতুব মিনাৰৰ সমীক্ষাও কৰিছে বুলি দাবী ধর্মবীৰৰ ।
এএছআই-ৰ এই বিষয়াজনৰ আৰু দাবী, সূর্যৰ উত্তৰায়ণ আৰু দক্ষিণায়ণৰ মধ্যৱর্তী সময় অর্থাৎ ২১ জুনত সূর্যৰ অৱস্থান পর্যবেক্ষণৰ বাবে এই মিনাৰটো নিৰ্মাণ কৰা হয় । এই মিনাৰটো ২৫ ইঞ্চি হেলনীয়া । সূর্যৰ পোহৰত যাতে মিনাৰৰ কোনো ছায়া নপৰে সেইটো ভাবিয়ে বৈজ্ঞানিক পদ্ধতিত নিৰ্মাণ কৰা হৈছিল এই মিনাৰ ।
তেওঁৰ আৰু দাবী, কুতুব মিনাৰ এটা স্বয়ংসম্পূর্ণ স্থাপত্য । ইয়াৰ কাষত থকা মছজিদৰ স’তে কোনো সম্পর্ক নাই । আনকি কুতুব মিনাৰৰ দুৱাৰো উত্তৰমুখী । ধ্রুৱ তৰা চাবলৈ মিনাৰৰ দুৱাৰ উত্তৰমুখী কৰা হৈছে ।
বিগত বৰ্ষত অভিযোগ উঠিছিল, ২৭টা হিন্দু আৰু জৈন মন্দিৰ আংশিকভাৱে ভাঙি নিজৰ নামাংকিত মিনাৰ নিৰ্মাণ কৰিছিল কুতুবুদ্দিন আইবকে ! মিনাৰৰ চৌহদত হিন্দু আৰু জৈন মন্দিৰ পুনর্নির্মাণৰ দাবীত দিল্লীৰ সাকেত আদালতত তিনিটা গোচৰ ৰুজু হৈছিল ।
সাকেত আদালতৰ বিচাৰক নেহা শর্মাই বৃহস্পতিবাৰে মন্দিৰ পুনর্নির্মাণৰ দাবি খাৰিজ কৰি কয়, ‘‘ভাৰতৰ ইতিহাস অত্যন্ত সমৃদ্ধ । বিভিন্ন সময়ত বিভিন্ন ৰাজবংশ শাসন কৰিছে । আবেদনকাৰী পক্ষই ‘ৰাষ্ট্ৰীয় লজ্জাৰ’ প্রসংগ দাঙি ধৰিছে । কিন্তু কোনো অস্বীকাৰ কৰিব নোৱাৰিব যে, অতীতত ঘটি যোৱা অন্যায়ক ভৱিষ্যতৰ অশান্তিৰ ভিত্তি হ’ব দিব নোৱাৰি ।’’