বন্ধ থাকিব আমিনগাঁৱৰ পৰা দৌলাশাল হৈ অভয়াপুৰীলৈ যোৱা ৰাজ্যিক ঘাইপথ

বৰপেটা জিলাৰ উপায়ুক্ত তেজ প্ৰসাদ ভূষালে কলগাছিয়া ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত ৰাজ্যিক ঘাইপথ বন্ধ কৰা সন্দৰ্ভত এক সংবাদমেল সম্বোধন কৰে ৷

আমিনগাঁৱৰ পৰা দৌলাশাল হৈ অভয়াপুৰীলৈ যোৱা ৰাজ্যিক ঘাইপথৰ জনীয়া সমষ্টিৰ অন্তৰ্গত শওঁপুৰত বেঁকী নদীৰ বাঢ়ি অহা পানীয়ে যাতে পথছোৱা খহাই নিয়াৰ ফলত কোনো ধৰণৰ দুৰ্ঘটনা সংঘটিত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি পথছোৱা বন্ধ কৰি দিয়া হৈছে বুলি জানিবলৈ দিয়ে উপায়ুক্তগৰাকীয়ে ৷

পথছোৱা গৰাখহনীয়াৰ পৰা ৰক্ষা কৰিবলৈ যতপৰোনাস্তি চেষ্টা কৰি থকা হৈছে বুলিও কয় উপায়ুক্ত ভূষালে ৷ কিন্তু দুবছৰ পূৰ্বেই নদীৰ গৰাখহনীয়াৰ কবলত পৰি অৰ্ধেক অংশ খহি যোৱা পথছোৱাত খৰালিত কোনো কাম নকৰাত চৰকাৰ, সাংসদ, বিধায়ক আৰু বৰপেটা জিলা প্ৰশাসনক ৰাইজে সমালোচনা কৰা দেখা গৈছে ৷

Exit mobile version