দিনটোৰ ৰাশিফল

16503614614344

মেষঃ শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৩, অচিনাকি ব্যক্তিৰ লগত মিলামিচা নকৰিব ক্ষতিৰ আশংকা আছে । খং দমাই ৰাখক । ঘৰুৱা কন্দলৰ বাবে সমস্যাত পৰিব পাৰে । হাতলৈ টকা-প‌ইচা আহিব ।

বৃষঃ শুভ ৰং হালধীয়া, শুভ সংখ্যা ৬, মাটি বাৰীৰ সীমাজনিত সমস্যা হ’ব পাৰে । আজি যুতিয়া ব্যৱসায় আৰম্ভ নকৰিব । স্বাস্থ্যৰ প্ৰতি যত্ন ল’ব ।

মিথুনঃ শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা ৮, দুৰ্ঘটনাৰ সম্ভাৱনা দেখা যায় । টকা-প‌ইচা লেন-দেন কৰোতে সাৱধান হ’ব । চাকৰিয়ালৰ পদোন্নতিৰ যোগ আছে । ভিক্ষাৰী এজনক জলপান কৰাই বগা বস্তু দান কৰিব ।

কৰ্কটঃ শুভ ৰং নীলা, শুভ সংখ্যা ৬, চাকৰি কৰা জাতকে ধৈৰ্যৰে সকলো কাম কৰিব অন্যথা ক্ষতি হ’ব । সন্তানৰ ভৱিষ্যতৰ কাৰণে কোনো ভাল কাম আজি আৰম্ভ হ’ব । ঋণ মুক্ত হ’ব পাৰে । সূৰ্য লৈ চাই প্ৰণাম কৰিব ।

সিংহঃ শুভ ৰং হালধীয়া, শুভ সংখ্যা পাঁচ, ঘৰৰ মূল ব্যক্তি অসুস্থ হ’ব পাৰে । অনেক উপকাৰ কৰি সন্মান লাভ কৰিব । পুত্ৰ‌ই কৰা ভাল কামে গৌৰৱ বঢ়াব । চাকৰিয়ালৰ কৰ্মত বাধা আছে । সূৰ্যক প্ৰণাম কৰি ওলাব ।

কন্যাঃ শুভ ৰং ৰঙা, শুভ সংখ্যা ৪ । ব্যৱসায়ীসকলৰ ধনাগমৰ যোগ । শত্ৰুৰ দ্বাৰা ক্ষতি হোৱাৰ ভয় । টকা-প‌ইচা সংক্ৰান্তীয় সমস্যা আহিব পাৰে । সন্তান শুভ । লক্ষ্মী নাৰায়ণৰ ধ্যান কৰিব ।

তুলাঃ শুভ ৰং গোলপীয়া, শুভ সংখ্যা ৯ । অচিনাকি ব্যক্তিয়ে সমস্যাত পেলাব । সন্তানৰ ভুলে অৰ্থহানি কৰিব । কৰ্মসংস্থাপন হ’ব । পাৰিবাৰিক সমস্যাই অসুবিধাত পেলাব । ভিক্ষাৰিক খোৱা বস্তু দান কৰিব ।

বৃশ্চিকঃ শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৩ । শুভ কাম আজি আৰম্ভ কৰক ভাল ফল পাব । আনৰ সহায়েৰে উপকৃত হ’ব । চাকৰিৰ খবৰ পাব পাৰে । অলপ সাৱধানে চলাফুৰা কৰিব আঘাত পোৱাৰ সম্ভাৱনা ।

ধনুঃ শুভ ৰং নীলা, শুভ সংখ্যা ৫ । বিবাহ সংক্ৰান্তীয় আলোচনাৰ আজি সুফল লাভ কৰিব । ব্যৱসায়ীৰ নতুন ব্যৱসায়ৰ পথ ওলাব । পিচলি পৰি হাত-ভৰি আঘাত পাব পাৰে । শিৱ মন্দিৰত ধূপ-চাকি জ্বলাই শিৱক ধ্যান কৰক ।

মকৰঃ শুভ ৰং ৰঙা, শুভ সংখ্যা ৩ । কৰিম বুলি ভবা কাম আজি আৰম্ভ কৰক । ব্যৱসায়ত লাভ কৰিব পাৰিব । বন্ধু বিচ্ছেদ হোৱাৰ সম্ভাৱনা আছে । ভাল কাম কৰি থোৱাৰ ফল আজি লাভ কৰিব পাৰে ।

কুম্ভঃ শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৮ । আজি কোনো নতুন কামত হাত নিদিব । পুৰণা ৰোগত ভোগা সকলৰ স্বাস্থ্যৰ অৱনতি হোৱাৰ আশংকা আছে । চাকৰিৰ স্থান পৰিৱৰ্তন হ’ব পাৰে । সন্তানৰ শুভ ।

মীনঃ শুভ ৰং নীলা, শুভ সংখ্যা ৪ । ব্যৱসায়ীৰ অৰ্থ লাভৰ যোগ দেখা যায় । সন্তানৰ পৰা সুখ লাভ কৰিব । সমস্যা বাঢ়িব । আত্মীয়ৰ পৰা ক্ষতি হ’ব পাৰে । শিক্ষাৰ্থীৰ শুভ ফল প্ৰাপ্তিৰ যোগ । গা ধুই সূৰ্য প্ৰমাণ কৰি জল অৰ্পণ কৰিব ।

Exit mobile version