COVID-19 : ক’ভিড আপডেট

gmch student tests covid 19 positive at 414d5a6e 913a 11ea 80d7 183d6ba34199

বিগত দুদিনত দৈনিক আক্রান্তৰ সংখ্যা দুহেজাৰৰ তলত থাকিলেও কেন্দ্রীয় স্বাস্থ্য মন্ত্রণাল‌ৰ তথ্য অনুযায়ী, বৃহস্পতিবাৰে সেয়া পুনৰ দুহেজাৰ অতিক্ৰম কৰিছে । বিগত ২৪ ঘণ্টাত দেশত দৈনিক সংক্রমিতৰ সংখ্যা ২,৩৬৪ । বুধবাৰে দৈনিক আক্রান্তৰ সংখ্যা আছিল ১,৮২৯ ।

কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ৰ ক’ভিড বুলেটিন অনুযায়ী, যোৱা ২৪ ঘণ্টাত ক’ভিডত আক্রান্ত হৈ মৃত্যু হৈছে ১০ জনৰ । ইয়াৰ ভিতৰত কেৰালাতেই মৃত্যু ছয়জনৰ, যি পাছত নথিভুক্ত কৰা হৈছে । ইয়াৰ উপৰি মহাৰাষ্ট্র, কর্নাটক, অন্ধ্রপ্রদেশ আৰু উত্তৰ প্রদেশত এজনৰ মৃত্যু হৈছে ।

বর্তমান ক’ভিড আক্রান্ত হৈ দেশত মুঠ মৃত্যুৰ সংখ্যা বাঢ়ি হৈছে পাঁচ লাখ ২৪ হেজাৰ ৩০৩ । তথ্য অনুযায়ী, বিগত ২৪ ঘণ্টাত সুস্থ হৈছে ২,৫৮২ জন ।

দৈনিক সংক্রমণৰ শীর্ষত ৰাজধানীক পিছ পেলালে কেৰালাই । বিগত ২৪ ঘণ্টাত কেৰালাত আক্রান্ত হৈছে ৫৯৬ জন । ইয়াৰ পাছতে আছে দিল্লী (৫৩২), মহাৰাষ্ট্র (৩০৭) আৰু হৰিয়ানা (২৫৭) ।

আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, ত্রিপুৰা, লক্ষদ্বীপ, দাদৰা আৰু নগৰ হবেলী আৰু দমন আৰু দিউ সম্প্ৰতি ক’ভিডমুক্ত । সমগ্ৰ দেশত এই পর্যন্ত ১৯১ কোটি ৭৯ লাখ ৯৬ হেজাৰ ৯০৫ টিকাকৰণ হৈছে ।

Exit mobile version