Panchayat Season 2 : নির্ধাৰিত সময়ৰ আগতেই মুক্তি পালে ‘পঞ্চায়ত ছিজন ২’

image 56 1024x485 1

এমেজন অৰিজিনালৰ জনপ্রিয় ৱেব ছিৰিজ ‘পঞ্চায়ত’ । ২০ মে’ত এই ৱেব ছিৰিজৰ দ্বিতীয় ছিজন মুক্তি পোৱাৰ কথা আছিল । পৰিচালনা কৰিছে দীপক কুমাৰ মিশ্র‌ই । ছিৰিজটোত প্রধান ভূমিকাত অভিনয় কৰিছে জিতেন্দ্র কুমাৰ, ৰঘুবীৰ যাদৱ আৰু নীনা গুপ্তাই । ছিৰিজটোৱে আমাক আকৌ ফুলেৰা গাঁৱৰ অভিষেকৰ (জিতেন্দ্র) জীৱন যাত্রাত লৈ যাব । যদিও ইতিমধ্যে প্রিমিয়াৰ হৈ গৈছে এই ৱেব ছিৰজ ।

জিতেন্দ্র এজন ইঞ্জিনিয়াৰিং গ্রেজুৱেট । তেওঁ ফুলেৰা পঞ্চায়তৰ কাৰ্যালয়ত ছেক্রেটাৰী হিচাপে যোগ দিছিল । এমেজন প্রাইম ভিডিঅ’ ইণ্ডিয়াৰ অফিচিয়েল ইনষ্টাগ্রাম পেজৰ পৰা ‘পঞ্চায়ত ছিজন ২’-ৰ প্রথম-লুক প’ষ্টাৰ শ্বেয়াৰ কৰি, ২০ মে’ৰ পৰা নতুন ছিজন প্রিমিয়াৰৰ কথা ঘোষণা কৰা হৈছিল । কিন্তু এই জনপ্রিয় ৱেব ছিৰিজটো নির্ধাৰিত সময়ৰ দুদিন আগতেই মুক্তি পাইছে । বহুল প্রত্যাশিত ৱেব ছিৰিজটো ১৮ মে’ বুধবাৰে সন্ধিয়া মুক্তি পাইছে ।

তথ্য অনুসৰি, Worldfree4u, Tamilrockers ইত্যাদিৰ দৰে কুখ্যাত পাইৰেচী ছাইটবোৰত ‘পঞ্চায়ত’-ৰ দ্বিতীয় ছিজন অনলাইনত প্ৰকাশ পাইছে । এইটোও কোৱা হৈছে যে ছিজন ২ টেলিগ্রামতো প্ৰকাশ পাইছে । সেয়ে নির্ধাৰিত সময়ৰ আগতেই শ্ব’ ষ্ট্ৰিমিং কৰাৰ সিদ্ধান্ত লৈছিল নির্মাতাসকলে ।

‘পঞ্চায়ত ছিজন ২’ত আৰু অভিনয় কৰিছে বিশ্বপতি সৰকাৰ, ফয়ছাল মালিক, চন্দন ৰায় আৰু পূজা সিঙে । দ্বিতীয় ছিজনৰ গল্পটোত অভিষেকৰ স’তে প্রধান, বিকাশ, প্রহ্লাদ আৰু মঞ্জু দেৱীৰ মাজত সম্পর্কৰ বান্ধুন আৰু দৃঢ় দেখাব । ফুলেৰা গাঁৱতেই একেলগে আছে তেওঁলোক । গাঁৱত নানা সমস্যাৰ সন্মুখীন হয় পঞ্চায়ত দল । ‘পঞ্চায়ত ছিজন ২’ হ’ল বছৰৰ বহুল প্রতীক্ষিত ৱেব ছিৰিজৰ ভিতৰত অন্যতম ।

Exit mobile version