Sandstorm : বালিৰ ধুমুহাত বিপর্যস্ত আৰৱ, হাস্পাতালত ভর্তি সহস্ৰাধিক

1293020 burj khalifa

এহাত দূৰৰ সামগ্ৰীও অস্পষ্ট । আকাশ ৰঙা । বতাহত বালি । শ্বাস লোৱাত কষ্ট । ভয়াৱহ ধূলিৰ ফলত বিপর্যস্ত পশ্চিম এছিয়া । ইয়াৰ মাজতে সর্বশেষত আক্রান্ত ছৌদি আৰবৰ ৰাজধানী ৰিয়াধ । বুধবাৰে ধূলিৰ ধুমুহাত অসুস্থ হৈ পৰে সহস্ৰাধিক লোক । শ্বাসকষ্টৰ বাবে হাস্পাতালত ভর্তি হয় প্ৰায় ১২৮৫ জন । নিশাৰ ভিতৰতে বন্ধ কৰি দিবলগীয়া হয় স্কুল-কলেজ । বিশেষজ্ঞসকলৰ মতে, জলবায়ু পৰিৱর্তনৰ ফলত !

ব্যস্ত চহৰ ৰিয়াধ অৱশ্যে আজিও সচল আছিল । কিন্তু পথত দৃশ্যমানতা অতি কম আছিল । সেয়ে ট্রেফিকৰ গতি কম আছিল । কিছু মিটাৰ দূৰৰ পৰাও গগণচুম্বী বৃহৎ অট্টালিকা দেখা নাযায় । ঘৰৰ পৰা ওলোৱাৰ উপায় নাছিল বাসিন্দাসকলৰ । অতি প্রয়োজন নহ’লে পথত লোক কমেই ওলায় ।

এজন পাকিস্তানি নির্মাণকর্মীয়ে কয়, ‘‘খোলা আকাশৰ তলত কাম কৰাত অতি কষ্ট হৈছিল । প্রায় অসম্ভৱ । মুখমণ্ডল কাপোৰেৰে ঢাকি ৰাখিছিল । তৎসত্ত্বেও বাৰেবাৰে মুখ ধুবলগীয়া হৈছিল ।’’ দেশৰ বতৰ বিজ্ঞান কেন্দ্ৰ‌ই জনাইছে, এই বালিৰ ধুমুহা পূৱ দিশৰ পৰা ক্রমে পশ্চিম দিশে গতি কৰিছে । ইৰাক, ইৰান, জর্ডন আগতেই ক্ষতিগ্রস্ত হৈছে । তেওঁলোকৰ শংকি, ধূসৰ বালিৰ ডাঠ স্তৰে ক্রমশ ঢাকি পেলাব মক্কা, মদিনাকো ।

পশ্চিম এছিয়াৰ কে’বাখনো দেশ চলিত বৰ্ষত বালিৰ ধুমুহাত বিপর্যস্ত হৈছে । এপ্রিলৰ মাজভাগৰ পৰা প্ৰায় আঠটা বালিৰ ধুমুহাত আক্রান্ত ইৰাক । বিশেষজ্ঞসকলে কয়, ভূমিস্খলন, প্রবল খৰাং, কম বৃষ্টিপাতৰ ফলতেই এই পৰিস্থিতি । ইয়াৰ বাবে অৱশ্যে জলবায়ু পৰিৱর্তনে মূল কাৰণ । বাগদাদত শেষ বালিৰ ধুমুহা আহিছিল যোৱা সোমবাৰে । শ্বাসকষ্টৰ বাবে প্ৰায় চাৰি হেজাৰজনক হাস্পাতালত ভর্তি কৰাবলগীয়া হয় । বিদ্যালয়-মহাবিদ্যালয়-কাৰ্যালয় বন্ধ কৰি দিবলগীয়া হয় নিশাৰ ভিতৰতে । স্তব্ধ হৈ যায় বিমানবন্দৰো ।

ইৰানতো একেই পৰিস্থিতি । কালি তেওঁলোকে ঘোষণা কৰিছে, বেয়া পৰিস্থিতিৰ বাবে চৰকাৰী কার্যালয় বন্ধ ৰাখিবলগীয়া হৈছে । বিদ্যালয়বোৰো বন্ধ কৰা হৈছে । তেহৰানে জনাইছে, বতাহত প্রতি ঘন মিটাৰত ভাহি আহে ১৬৩ মাইক্র’গ্রাম বালিকণা । বিশ্ব স্বাস্থ্য সংস্থাৰ (হু) প্ৰতিবেদন অনুযায়ী, বতাহত ধুলি-বালিৰ উপস্থিতিৰ সর্বোচ্চ সীমা প্রতি ঘনমিটাৰত ২৫ মাইক্র’গ্রাম । অর্থাৎ সর্বোচ্চ সীমাতকৈও ছয় গুণ অধিক ।

কুৱেইটত সোমবাৰে বালিৰ ধুমুহাত বন্ধ কৰি দিবলগীয়া হয় বিমান সেৱা । আনকি দেশৰ তিনিটা সমুদ্র বন্দৰতো কাম স্তব্ধ হৈ যায় । মঙলবাৰেও বিদ্যালয়-মহাবিদ্যালয় বন্ধ আছিল এই দেশত । আজিৰ পৰা কিছু স্বাভাৱিক হৈছে ।

পশ্চিম এছিয়াত বালিৰ ধুমুহা অচিনাকী নহয় । কিন্তু সাম্প্রতিক কালত মাৰাত্মক বাঢ়িছে । ইয়াৰ বাবে জলবায়ু পৰিৱের্তনকেই কাৰণ হিচাপে দৰ্শাইছে বিশেষজ্ঞসকলে । কিন্তু জলবায়ু পৰিৱৰ্তনৰ কাৰণ অনিয়ন্ত্রিত হাৰত মাটি কটা, বন ধ্বংস কৰা, নদীৰ পানীৰ অনিয়ন্ত্রিত হাৰত ব্যৱহাৰ, নদীৰ গতিপথ আবদ্ধ কৰি কৃত্রিম জলাধাৰ প্ৰস্তুত কৰা । এনে অসংখ্য কাৰণ ।

জর্ডনৰ জলবায়ু বিশেষজ্ঞ হাছান আবদুল্লাই কয়, ‘‘শুকান, ঠাণ্ডা বতাহে বালিৰ স্তৰ বোৱাই নিছে । ঢাকি পেলাইছে ছিৰিয়া, পূৱ ইৰাকক । সমগ্র আৰৱৰ অৱস্থা একেই ।’’ আবদুল্লাই জনায়, টাইগ্রিছ আৰু ইউফ্রেটিছ নদীৰ জলস্তৰ কমি যোৱা এই পৰিস্থিতিৰ অন্যতম কাৰণ । বার্ষিক বৃষ্টিপাতো মাৰাত্মক কমিছে । ভূমিস্খলনটো আছেই ।

Exit mobile version