জম্মু-কাশ্মীৰত নিশাৰ সুৰংগত ভাঙি পৰিল দেৱাল, নিখোজ ১০ শ্ৰমিক, উদ্ধাৰকাৰ্য অব্যাহত

jammu srinagar highway tunnel collapse 1653015500168 1653015500338

নিশাৰ অন্ধকাৰত সুৰংগত কাম কৰিবলৈ নামি বিপত্তি । জম্মু-কাশ্মীৰৰ (Jammu and Kashmir) ৰামবন অঞ্চলত টানেলৰ একাংশ ভাঙি নিখোজ প্ৰায় ১০ । ইয়াৰ ভিতৰত পাঁচজন পশ্চিমবংগৰ শ্রমিক । এই ঘটনাৰ পাছতেই আতংকৰ সৃষ্টি হৈছে । পাঁচজন শ্রমিকেই ঘটনাস্থলত আবদ্ধ হৈছে । সৰ্বমুঠ সাত-আঠজন এতিয়াও ভাঙি পৰা অংশৰ তলতে হেঁচা খাই আছে বুলি অনুমান উদ্ধাৰকাৰীসকলৰ ।

বৃহস্পতিবাৰে নিশা ১০ বাজি ১৫ মিনিটত ৰামবনৰ জম্মু-শ্রীনগৰ ৰাষ্ট্ৰীয় ঘাইপথত খুনি নলাৰ কাষত সুৰংগটোত (Tunnel) অডিটৰ কাম আৰম্ভ হয় । তাতেই সুৰংগৰ কাষৰ দেৱালৰ একাংশ ভাঙি পৰে । শ্রমিকসকল আবদ্ধ হৈ পৰে । দুর্ঘটনাৰ খবৰ লাভ কৰি সেনাবাহিনী আৰু আৰক্ষীয়ে লগে লগে উদ্ধাৰকাৰ্যত নামে । জম্মু-কাশ্মীৰৰ এজন বাকী ভিনৰাজ্যৰ শ্রমিকসকল দুর্ঘটনাৰ কবলত পৰে । দ্রুত উদ্ধাৰকাৰ্য চলে । তাতেই বৃহৎ বিপদৰ পৰা ৰক্ষা পৰিছে বুলি খবৰ । নিশাই দুর্ঘটনাস্থলত উপস্থিত হয় ৰামবনৰ আৰক্ষী আৰু প্রশাসনিক কৰ্মকর্তাসকল । ৰাষ্ট্ৰীয় পথ কর্তৃপক্ষৰ প্রতিনিধিসকলো যায় । পৰিস্থিতি পৰ্যবেক্ষণ কৰা হয় ।

সুৰংগত আবদ্ধ হৈ পৰা অসুস্থ শ্রমিকসকলক উদ্ধাৰৰ বাবে এম্বুলেন্স প্ৰেৰণ কৰা হয় । তাৰ পৰা উদ্ধাৰ কৰি তেওঁলোকক স্থানীয় হাস্পাতাললৈ লৈ যোৱা হয় । উদ্ধাৰকাৰ্য অব্যাহত আছে । একেলগে কামত নামিছে এনডিআৰ‌এফ, এছডিআৰ‌এফ, কুইক ৰেছপন্স টিম । আৰক্ষী বিষয়াসকলৰ আশ্বাস, দ্রুত সকলোকে নিৰাপদে ওলিয়াই আনিবৰ বাবে সর্বোচ্চ চেষ্টা চলিছে ।

Exit mobile version