মান্দাকাটাত ইলেক্ট্ৰিছিয়ানৰ গাফিলতিত ম’বাইল টাৱাৰত বিদ্যুৎপৃষ্ঠ হৈ গো-ধনৰ মৃত্যু

black indian cow facing towards 260nw 1834967101

মান্দাকাটাত আজি পুৱাৰ ভাগত ম’বাইল টাৱাৰত বিদ্যুৎপৃষ্ঠ হৈ গো-ধনৰ আকস্মিক মৃত্যু হৈছে ৷ প্ৰাপ্ত বাতৰি অনুসৰি, মান্দাকাটা নদীপাৰ প্ৰাথমিক বিদ্যালয়ৰ গাতে লাগি থকা উন্মুক্ত ম’বাইল টাৱাৰৰ দায়িত্বৰত ইলেক্ট্ৰিছিয়ানৰ গাফিলতিৰ বাবে বিদ্যুৎপৃষ্ঠ হৈ গো-ধনৰ মৃত্যু হোৱা বুলি অভিযোগ উত্থাপিত হৈছে ৷

সূত্ৰ অনুসৰি, ইলেক্ট্ৰিছিয়ানজনৰ কৰ্তব্যৰ গাফিলতিৰ বাবে থ্ৰি ফ্ৰেছৰ বিজুলী সংযোগ থকা টাৱাৰৰ তলত খাদ্য বিচাৰি যোৱা গৰুটো বিদ্যুৎপৃষ্ঠ হয় ৷

উল্লেখযোগ্য যে দায়িত্বৰত ইলেক্ট্ৰছিয়ান ইউছুফ আহমেদে দীৰ্ঘদিন ধৰি টাৱাৰটোৰ বিজুলী সংযোগ চেক কৰা নাছিল ৷ যাৰ বাবে টেপ মাৰি থোৱা বিদ্যুৎ পৰিবাহী তাঁৰৰ জোৰাৰ টেপ খুলি তাত থকা এটা প্ৰায় পৰিত্যক্ত ঘৰৰ লোৰ দুৱাৰত লাগি আছিল ৷ সেই দুৱাৰখনত লাগিয়ে গৰুটো বিদ্যুৎপৃষ্ঠ হোৱা বুলি স্পষ্ট হৈ পৰিছে ৷

পাছত দায়িত্বৰত ইলেক্ট্ৰিছিয়ানজনৰ অনুপস্থিতিত অন্য এগৰাকী ইলেক্ট্ৰছিয়ানক আনি টাৱাৰটোৰ বিদ্যুৎ কৰ্তন কৰি মৃত গৰুটো আঁতৰাই দিয়া হয় ৷ ইফালে, ঘটনা সন্দৰ্ভত বিতংকৈ জানিবলৈ দায়িত্বত থকা ইলেক্ট্ৰিছিয়ানজনক ম’বাইলত যোগাযোগ কৰাত তেওঁ সংবাদকৰ্মীক উভতাই অশ্লীল গালি-গালাজ কৰে আৰু গৰুৰ গৰাকীয়ে যিহেতু অভিযোগ কৰা নাই আপোনালোকে কেনেদৰে বাতৰি প্ৰচাৰ কৰে চাই ল’ম বুলিও ভাবুকি প্ৰদান কৰে ৷

Exit mobile version