ৰুছ আক্ৰমণৰ ফলত ব্যাপক ক্ষতিগ্ৰস্ত ইউক্রেইনৰ পৰিৱেশ, ক্ষতিপূৰণ বিচাৰি আদালতত কিয়েভ

howitzer

চাওঁতে চাওঁতে প্রায় তিনি মাহ হ’ল ৰুছ সেনাৰ ইউক্রেইন আক্রমণ (Russia-Ukraine War) । সেই অর্থত মাৰিয়োপ’লৰ দৰে বৃহৎ চহৰ দখল কৰাৰ বাহিৰে যুদ্ধত সিমান সাফল্যতা অৰ্জন কৰা নাই ৰাছিয়াই । তৎসত্ত্বেও পুটিনৰ সেনাৰ আক্ৰমণত বহু প্রাণহানি আৰু সম্পত্তি ধ্বংসৰ ঘটনাত বিধ্বস্ত ইউক্রেইন । ৰুছ সেনাৰ ৰোষৰ পৰা মুক্তি পোৱা নাই কিয়েভৰ (Kyiv) পৰিৱেশেও । সেয়ে ৰাছিয়াৰ পৰা ক্ষতিপূৰণ বিচাৰি আন্তর্জাতিক আদালতৰ দ্বাৰস্থ হৈছে ইউক্রেইন । সংবাদ সংস্থা ৰয়টাৰ্ছৰ সূত্রে এই তথ্য জানিব পৰা গৈছে ।

ইউক্রেইনৰ পৰিৱেশ সুৰক্ষা মন্ত্রী ৰুছলান ষ্ট্ৰিলেটছে বৃহস্পতিবাৰে এক সাংবাদিক সন্মিলনত এই বিষয়ত কয় । তেওঁ কয়, “বিগত ২০ বছৰত এইটোৱে বিশ্বৰ প্রথম সেনা সংঘর্ষৰ ঘটনা, য’ত ইমান ব্যাপকভাৱে পৰিৱেশৰ ক্ষতি হৈছে । ৰুছ ক্ষেপণাস্ত্রবোৰ আমাৰ তেলৰ ডিপো, তাপবিদ্যুৎ কেন্দ্র, ৰাসায়নিক কেন্দ্রত পৰাত পৰিৱেশৰ বিপুল ক্ষতি হৈছে । বন জ্বলিছে । গুৰুত্বপূ্র্ণ আৰু সংৰক্ষণযোগ্য বহু সম্পত্তি ধ্বংস হৈছে ।”

ৰাছিয়াৰ চেৰনোবিল দখল কৰাৰ প্রসংগ‌ও ফুটি উঠিছে তেওঁৰ মুখত । ৰুছলান ষ্ট্ৰিলেটছৰ দাবী, তাৰ পাৰমাণৱিক শক্তি কেন্দ্রৰ আশ-পাশৰ প্রায় ১২ হেজাৰ হেক্টৰ ভূমি ক্ষতিগ্রস্ত হৈছে । ফলত বহু গছপুলি ধ্বংস হৈছে । বহু স্থানৰ ভূমিও বিষাক্ত হৈ গৈছে । বহু জলাশয় ধ্বংস হৈছে । কেৱল চেৰনোবিলতেই ৮৫ মিলিয়ন মার্কিন ডলাৰৰ আর্থিক ক্ষতি হৈছে । যুদ্ধৰ সামগ্রিক ক্ষতিৰ পৰিমাণ যে ইয়াতকৈ বহু পৰিমাণে অধিক, তেওঁ সেই কথাও কৈছে ।

উল্লেখ্য, বিগত আঢ়ৈ মাহৰ যুদ্ধত ইউক্রেইনৰ কোনো বৃহৎ চহৰ দখল কৰিব পৰা নাই ৰাছিয়াই । একমাত্র মাৰিয়োপ’লসহ দক্ষিণ-পূব ইউক্রেইনৰ দোনবাস অঞ্চল এতিয়া ৰুছ সেনাৰ দখলত । কিন্তু ইয়াৰ বাহিৰেও দেশৰ বহু অংশত যে ৰুছ সেনাৰ আগ্রাসনে ভয়াৱহ ৰূপ ধাৰণ কৰিছে সেয়া স্পষ্ট হ’ল ৰুছলান ষ্ট্ৰিলেটছে দিয়া পৰিসংখ্যাত ।

Exit mobile version