মহাৰাষ্ট্রৰ ঔৰংগাবাদত মোগল সম্রাট ঔৰংগজেবৰ সমাধিক্ষেত্র সম্প্ৰতি পাঁচ দিন বন্ধ ৰখাৰ সিদ্ধান্ত ল’লে ভাৰতীয় পুৰাতত্ত্ব সর্বেক্ষণ (আর্কিয়’লজিকেল ছার্ভে অৱ ইণ্ডিয়া বা এএছআই)য়ে ।
যোৱা মঙলবাৰে মহাৰাষ্ট্র নৱনির্মাণ সেনাৰ (এমএনএছ) মুখপাত্র গজানন কালে টুইট কৰি প্রশ্ন উত্থাপন কৰিছিল, ৰাজ্যত এই স্মৃতিসৌধ ৰখাৰ প্রয়োজনীয়তাক লৈ । এই সৌধ ধ্বংস কৰাৰ দাবীও জনাইছিল ।
চলিত মাহৰ আৰম্ভণিতে এমআইএম নেতা আছাদউদ্দিন ৱেইচি ঔৰংগজেবৰ সমাধিক্ষেত্রত গৈছিল । সেই ঘটনাৰ পাছতেই বিতর্কৰ উৎপত্তি হয় । সমালোচনাত সৰৱ হয় বিৰোধী বিজেপি, শাসক জোঁটৰ অন্যতম শিৱসেনা । সেই সময়ত ৰাজ ঠাকৰেৰ এমএনএছ-য়েও এই ঘটনাৰ বিৰোধিতা কৰে । তাৰ পাছতেই এমএনএছ মুখপাত্রৰ এই টুইট । আনকি বিজেপিয়ে ৱেইচিৰ বিৰুদ্ধে ৰাষ্ট্রদ্রোহ আইনত গোচৰ তৰাৰ দাবী কৰে ।
তুমুল বিতর্কৰ পাছতেই ভাৰতীয় পুৰাতত্ত্ব সর্বেক্ষণে ঔৰংগাবাদত খুলদাবাদৰ এই স্মৃতিসৌধৰ নিৰাপত্তা অধিক শক্তিশালী কৰাৰ ব্যৱস্থা কৰে । তেওঁলোকক সহায় কৰে ঔৰংগাবাদ গ্রামীণ আৰক্ষী । ইয়াৰ পাছতেই দর্শনার্থীসকলকো কঠোৰ নিৰাপত্তাৰ বলয়েৰে ভিতৰত প্রৱেৰ ব্যৱস্থা কৰা হয় ।
কঠোৰ নিৰাপত্তাৰ বেষ্টনীৰে আৱৰাৰ পাছতো মছজিদ কর্তৃপক্ষ নিশ্চিন্ত নহয় । তেওঁলোকে সমাধিক্ষেত্র সম্প্ৰতি কিছুদিনৰ বাবে বন্ধ ৰখাৰ আবেদন জনাইছিল । সেই আবেদন মৰ্মেই পাঁচ দিনৰ বাবে এই সমাধিক্ষেত্র বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । ভাৰতীয় পুৰাতত্ত্ব সর্বেক্ষণৰ ঔৰংগাবাদৰ চার্কল ইনস্পেক্টৰ মিলনকুমাৰ চৌবেয়ে আজি জনাইছে, মছজিদ কর্তৃপক্ষ আৰু আৰক্ষীৰ আবেদনমৰ্মে সমাধিক্ষেত্র বন্ধ ৰখাৰ সিদ্ধান্ত লোৱা হৈছে ।