COVID-19 : ক’ভিড আপডেট

gmch student tests covid 19 positive at 414d5a6e 913a 11ea 80d7 183d6ba34199

দেশত দৈনিক আক্রান্তৰ সংখ্যা পুনৰ দুহেজাৰৰ অধিক, বৃদ্ধি পালে মৃত্যুৰ সংখ্যাও ।

দেশত কৰ’না-গ্রাফৰ (Corona Update) উঠা-নমা অব্যাহত । সামান্য কমিল দৈনিক সংক্রমণ (Daily Case) । যদিও বিগত ২৪ ঘণ্টাত আক্রান্তৰ সংখ্যা পুনৰ দুহেজাৰ অতিক্ৰম কৰিলে । দৈনিক মৃত্যুৰ সংখ্যাও (Daily Death Toll) বৃদ্ধি পালে ।

কেন্দ্রীয় স্বাস্থ্যমন্ত্রণালয়ৰ পৰিসংখ্যা অনুযায়ী, বিগত ২৪ ঘণ্টাত দেশত কৰ’নাত আক্রান্ত হৈছে দুহেজাৰ ২৫৯ জন । যোৱা ২৪ ঘণ্টাত দেশত কৰ’নাত মৃত্যু হৈছে ২০ জনৰ ।

কালি দৈনিক আক্রান্তৰ সংখ্যা আছিল দুহেজাৰ ৩৬৪ । দৈনিক মৃত্যুৰ সংখ্যা আছিল ১০ । দেশত সক্ৰিয় ৰোগীৰ সংখ্যা ১৫ হেজাৰ ৪৪ । সক্ৰিয় ৰোগীৰ হাৰ ০.০৩ শতাংশ । এদিনত সুস্থ হৈছে ৯৮.৭৫ শতাংশ । দেশত এদিনত মৃত্যুৰ হাৰ ১.২২ শতাংশ ।

Exit mobile version